![]()
বিশেষ প্ৰতিবেদনঃ
আপোনাৰ বাৰু আস্থাজিতা নন্দা বৰদলৈক মনত আছেনে? সৰুতেই বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকা দেৱৰ কেইবাটাও কালজয়ী গীতত কণ্ঠশিল্পী গৰাকীয়ে কণ্ঠদান কৰি জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। কিন্তু তাহানিৰ আস্থা বৰ্তমান সলনি হৈছে, এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী ৰূপে চিনাকী লাভ কৰা আস্থাজিতা নন্দা বৰদলৈৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত ‘আকাশে বতাহে’ লাভ কৰিছে জনপ্ৰিয়তা। কণ্ঠৰ মাদকতা এতিয়াও তেনেই হৈ আছে কণ্ঠশিল্পী গৰাকীৰ। সদ্যমুক্তিপ্ৰাপ্ত গীতটিত কেৱলমাত্ৰ কণ্ঠদান কৰা বুলিয়ে নহয়, গীতটিৰ ভিডিঅ’টিত অভিনয়ো কৰিছে আস্থাই। গীতটিক প্ৰত্যেকেই সমাদৰ জনোৱা দেখিবলৈ পোৱা গৈছে।
গীতটিত কথা আৰু সুৰ তুহিন শৰ্মাৰ। সংগীত কৰিছে দেৱজিৎ ব্ৰহ্মাই। গীতটিৰ ভিডিঅ’ বিষয়বস্তু ইলোৰা নন্দা বৰদলৈৰ লগতে গীতটিৰ প্ৰযোজনা মৰমটি বৰদলৈ আৰু ইলোৰা নন্দা বৰদলৈৰ। ইয়াৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা তিৰাপ সীমান্ত মেধিৰ। ইয়াত আস্থাৰ সৈতে অভিনয় কৰিছে অভিনয় ক্ষেত্ৰখনৰ আন এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন জনপ্ৰিয় অভিনেতা আয়ানজিৎ দেৱ শৰ্মাই। গীতটিৰ ইউটিউব লিংকত আপুনি এবাৰ চকু ফুৰালেই দেখিবলৈ পাব শ্ৰোতা-দৰ্শকৰ ধনাত্মক মতামত দেখিবলৈ পাব। সৰুৰে পৰা সংগীত ক্ষেত্ৰখনত জড়িত আস্থাৰ কণ্ঠৰে আন গীতসমূহকো শুনিবলৈ অপেক্ষাৰত হৈ পৰিছে বৰ্তমান সকলো।













