![]()
নিউজ ডেস্কঃ
নির্ধাৰিত সময়ৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হ’ব অৰুণাচল প্রদেশৰ চেলা সুৰঙ্গ পথ। চেলা সুৰঙ্গ নিৰ্মাণত খৰচ হৈছে প্রায় ৭০০ কোটি টকা। বিশ্বৰ দীৰ্ঘতম এই সুৰংগটো আছে প্রায় ১৪ হাজাৰ ফুট উচ্চতাত। সুৰঙ্গটো নিৰ্মাণ সম্পূৰ্ণ হ’লে যাতায়াতৰ সময় কমিব প্রায় এক ঘণ্টা। লগতে যিকোনো প্রতিকূল পৰিস্থিতিতো অতি সোনকালে আৰু সহজতে সেনা উপস্থিত হ’ব পাৰিব প্রকৃত নিয়ন্ত্রণ ৰেখাত৷
এই প্রকল্পটোত মুঠ তিনিটা পৃথক সুৰঙ্গ নিৰ্মাণ কৰা হৈছে। প্রধান আৰু দ্বিতীয় সুৰঙ্গ দুটি ১ হাজাৰ ৫৫৫ মিটাৰ দীঘল আৰু সৰু সুৰঙ্গটি ৯৮০ মিটাৰ।













