![]()
স্বাস্থ্য প্ৰতিবেদনঃ
আমোৰা সুস্বাদু আৰু সহজলভ্য এবিধ ফল। ইয়াৰ আচাৰ, চাটনি আৰু জেলি তৈয়াৰ কৰা হয়। আমোৰা তৰকাৰী হিচাবেও খাব পৰা যায়। লগতে অসংখ্য গুণাগুণ আছে এই ফলবিধৰ।
গ’ল্ডেন আপেল হিচাপে খ্যাত আমোৰাত জলীয় অংশ ৮৩.২, খনিজ ০.৬, লৌহ ০.৩৯, আঁহ ০.১, চর্বি ০.১, আমিষ ১.১, শর্কৰা ১৫, কেলচিয়াম ০.৫৫ শতাংশ।
১. কেলচিয়ামৰ চাহিদা পূৰণ কৰে : কেলচিয়ামৰ অভাৱত হাড়ৰ ৰোগ, মাংস পেশীৰ টানসহ বহু ৰোগ হ’ব পাৰে। সেয়ে প্রতিদিনৰ কেলচিয়ামৰ চাহিদা পূৰণত আমোৰা খাব পাৰে।
২. ছাল ভালে ৰাখিবলৈ : ছালৰ ব্রণ কমাবলৈ আৰু ছাল সুস্থ আৰু উজ্জ্বল ৰাখিবলৈ আমোৰা অতি উপকাৰী। আমোৰাত প্রচুৰ ভিটামিন চি আছে, যিয়ে ছাল উজ্জ্বল ৰখাত সহায় কৰে।
৩. ৰক্তহীনতা ৰোধত : আমোৰাত প্রচুৰ পৰিমাণে আয়ৰন আছে, যিটো ৰক্তহীনতা ৰোধত কার্যকৰী। আয়ৰনে ৰক্তত হিমোগ্লোবিনৰ মাত্রাও ঠিকে ৰাখে।
৪. বদহজম আৰু কোষ্ঠকাঠিন্য প্রতিৰোধত : আমোৰাত বিভিন্ন দ্রবণীয় ফাইবাৰ আছে, যিয়ে পাকস্থলীৰ কার্যক্রম স্বাভাবিক ৰাখে। সেয়ে বদ হজম, পেট পোৰা আৰু কোষ্ঠকাঠিন্যৰ দৰে ৰোগৰ পৰা বাচিবলৈ নিয়মিত আমোৰা খাব পাৰে।
৫. চর্দি-কাহ আৰু ইনফ্লুয়েঞ্জাৰ বিৰুদ্ধে কাম কৰে : আমোৰাই বিভিন্ন ভাইৰাছৰ আক্রমণৰ পৰা ৰক্ষা কৰে আৰু চর্দি-কাহ আৰু ইনফ্লুয়েঞ্জা ৰোগৰ বীজাণুৰ বিৰুদ্ধে কাম কৰে। সেয়ে আমোৰাৰ বতৰত প্রতিদিনে এই ফল খালে নানা সংক্রমণৰ পৰা সহজতেই ৰক্ষা পাব পাৰে।













