![]()
বিশেষ প্ৰতিবেদনঃ
অভিনেত্ৰী সাৰা আলি খান আকৌ এবাৰ সন্মুখীন হ’ল ট্ৰোলৰ। এইবাৰ আচলতে কোনো সাজপাৰৰ বাবে নহয়, তেওঁ এইবাৰ ট্ৰোল হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জন্মদিনৰ শুভকামনা প্ৰেৰণ কৰিহে। ২২ অক্টোবৰ তাৰিখে অমিত শ্বাহৰ জন্মদিনৰ দিনটোত অভিনেত্ৰী গৰাকীয়ে কৰা টুইট এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈছে মিম আকাৰে। টুইটত কম পৰিমাণে সক্ৰিয় হৈ থকা অভিনেত্ৰী সাৰা আলি খানৰ এয়া পাঁচ নম্বৰ টুইট।
অভিনেত্ৰী সাৰা আলি খান বিগত বৰ্ষত ড্ৰাগছ কেচত এন চি বিৰ কাষ চাপিবলগীয়া হৈছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ড্ৰাগছ কেছ সন্দৰ্ভত কেইবাদিনো তেওঁক জেৰা কৰা হৈছিল। বৰ্তমান জনসাধাৰণে সাৰা আলি খানক অমিত শ্বাহ জন্মদিনৰ শুভকামনা প্ৰদানৰ দ্বাৰা ভাল লগোৱা বুলি কমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে।













