![]()
নিউজ ডেস্কঃ
দেশৰ সাতটা কোভিড-১৯ টীকা উৎপাদন কোম্পানীৰ সৈতে আলোচনাত বহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী৷ সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, শনিবাৰৰ উক্ত বৈঠকত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য আৰু স্বাস্থ্য ৰাজ্যমন্ত্রী ভাৰতী প্রবীণ পাৱাৰো উক্ত বৈঠকত উপস্থিত থাকিব পাৰে বুলি জানিব পৰা গৈছে।
মোদীৰ বৈঠকত টীকা নির্মাতা কোম্পানী চেৰাম ইনষ্টিটিউট অব ইণ্ডিয়া (কোভিশিল্ড), ভাৰত বায়োটেক লিমিটেড (কোভেক্সিন), জাইডাছ কেডিলা (জাইকোভ-ডি), বায়োলজিকেল ই (কোর্বেভেক্স), জেনোভা বায়োফার্মা (এইচজিচি ০১৯), পেনাচিয়া বায়োটেক (স্পুটনিক-ভি) আৰু ডক্টৰ ৰেড্ডি’জ লেবৰেটৰিজৰ প্রতিনিধিসকল উপস্থিত থাকিব। দেশত কৰোনা টীকাকৰণ অভিযানত গতি অনা আৰু পর্যালোচনাৰ লক্ষ্যৰেই উক্ত বৈঠক বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্রৰ খবৰ।













