![]()
নিউজ ডেস্কঃ
তিনিদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে পুৱা জম্মু-কাশ্মীৰত উপস্থিত হৈছেগৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। ২০১৯ৰ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ পিছত এই প্রথম জম্মু-কাশ্মীৰ ভ্ৰমণলৈ গ’ল অমিত শ্বাহ। শ্রীনগৰ বিমানবন্দৰত তেওঁক স্বাগতম জনায় উপ-ৰাজ্যপাল মনোজ সিনহাই।
শ্রীনগৰত ভৰি থৈয়েই অমিত শ্বাহে সাক্ষাৎ কৰিবলৈ যায় জম্মু-কাশ্মীৰৰ নিহত আৰক্ষী বিষয়া পাৰভেজ আহমদৰ পৰিয়ালক। কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদীৰ হাতত নিহত হৈছিল আৰক্ষী বিষয়াগৰাকী। কেন্দ্রীয় গৃহমন্ত্রীয়ে পাৰভেজৰ পত্নীক সাক্ষাৎ কৰি তেওঁক চাকৰিৰ প্রস্তাৱ দিয়ে। তেওঁ কয়, “এইগৰাকী আৰক্ষীৰ আত্মবলিদান সমগ্ৰ দেশে মনত ৰাখিব।”












