![]()
নিউজ ডেস্কঃ
কনভয় এৰি ৰাস্তা পাৰ হৈ হঠাৎ এখন বাছত উঠে তেওঁ৷ পিন্ধনত শুভ্ৰ বগা শ্বাৰ্ট-পেণ্ট আৰু মুখত মাস্ক৷ তেওঁক দেখি যাত্ৰীসকলো হতচকিত হৈ পৰে। স্বয়ং মুখ্যমন্ত্রী বাছৰ ভিতৰত! আনহাতে, বিবুধিত পৰে নিৰাপত্তাৰক্ষীসকলো৷
তামিলনাডুত ষষ্ঠ পৰ্যায়ৰ টীকাকৰণ চলি থকাৰ মাজতে শনিবাৰে পুৱা এটি টীকাকৰণ কেন্দ্রলৈ গৈছিল মুখ্যমন্ত্রী এম কে ষ্টেলিন। কান্নাগি নগৰ নামৰ এটি স্থানত হঠাৎ ৰখি যায় তেওঁৰ কনভয়। ষ্টেলিনক দেখা যায় গাড়ীৰ পৰা নামি অহা। তাক পিছত দ্রুততাৰে ৰাস্তা পাৰ হৈ এখন বাছত উঠে তেওঁ। এই বাছখন হৈছে তামিলনাডুৰ মহিলাসকলৰ বিনামূলীয়া যাতায়াতৰ বাছ। ক্ষমতালৈ অহাৰ পিছত ষ্টেলিনৰ ডিএমকে চৰকাৰে ৰাজ্যৰ মহিলাসকলৰ বাবে এই বাছ সেৱা প্ৰৱৰ্তন কৰিছিল।
বাছৰ যাত্ৰীসকলৰ সৈতে তেওঁ যাতায়াতৰ উক্ত প্রকল্পটো সন্দৰ্ভত কথা পাতে। কেইজনমান যাত্রীৰ সৈতে চেলফিও উঠে। কেইমিনিটমানৰ পিছত তেওঁ বাছৰ পৰা নামি যায়।
তামিলনাডুৰ মুখ্যমন্ত্রী কাৰ্যালয়ৰ পৰা প্রকাশিত ৪৭ ছেকণ্ডৰ ভিডিওটোৱে সকলোকে অবাক কৰিছে৷ কিয়নো অতিমাৰি পৰিস্থিতিত নিজৰ কনভয়ৰ নিৰাপত্তা এৰি মুখ্যমন্ত্রীয়ে গণ পৰিবহণত উঠিছে। বিপদাশংকা লৈ ভিৰৰ মাজত সোমাই পৰিছে। তামিলনাডুত আসন্ন উৎসৱৰ বতৰৰ পূৰ্বে বাছবোৰক ১০০ শতাংশ যাত্রী লৈ পৰিবহণৰ অনুমতি দিছে ৰাজ্যখনে। অৱশ্যে কৰানা সংক্রান্ত বাধা-নিষেধ ১৫ নৱেম্বৰ পর্যন্ত বঢ়াই দিয়া হৈছে ৰাজ্যখনত।













