![]()
বিশেষ প্ৰতিবেদনঃ
প্ৰতিগৰাকী নাৰীয়ে বিবৰ্ণ ,বিদীৰ্ণ হৃদয় সমুদ্ৰত বিচাৰে এজাক প্ৰেমৰ বৰষুণ। তপত মৰুভূমিত এডাল কেকটাছ হৈ ফুলিবলৈ ,উত্তাপবোৰ বুকুত সানিলৈ, গৰম বতাহজাক সাৱটিলৈ ,প্ৰেমাস্পদৰ বুকুৰ মাজত হাঁহিবলৈ -কান্দিবলৈ, আশ্ৰয় ল’বলৈ সমাজৰ অবহেলিত উপেক্ষিত এক নাৰীৰ মনৰ আকূতি । নাৰীদেহ পণ্য সামগ্ৰী নহয় ।যদি দেহাটো আপোন কৰি লৱ পাৰে , তেন্তে মনটো আপোন কৰি লোৱাত বাধা ক’ত ?

– এনে মৰ্মস্পৰ্শী সংলাপেৰে জীপাল ৫৪সংখ্যক নাট্যবৰ্ষত মৰোৱাৰ সুবোধ মজুমদাৰ প্ৰযোজিত ঐতিহ্যমণ্ডিত থিয়েটাৰ ভাগ্যদেৱীৰ মঞ্চত পল্লৱ পৱন ৰচিত অভিনেতা চম্পক শৰ্মা পৰিচালিত নাট “মহালয়া”।পবিত্ৰ মহালয়াৰ দিনা মানুহৰূপী অসুৰৰ কামনাৰ বলি হোৱা এগৰাকী অৱলা নাৰীয়ে সময়ৰ কোৱাল গতিত দেৱী মা দুৰ্গাৰ ত্ৰিশূল ল’বলৈ কুণ্ঠাবোধ নকৰে ।নাৰী কিয় পদে পদে লাঞ্চিত বঞ্চিত হয়?নাৰীৰ এক সকৰুণ জীৱন গাঁথা নাটকখনত অতি সাৱলীল ভাৱে উপস্থাপন কৰিছে ।
অসমত বাংলাদেশী সমস্যা , মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱাৰ দৰে সুদুৰ পৰাহত সমস্যাসমূহ হাস্যৰসৰ মাজেৰে নাট্যকাৰে সূক্ষ্মভাৱে দাঙি ধৰিছে। বলিষ্ঠ অভিনেতা চম্পক শৰ্মা, ভূপেন ডেকা , ভাস্কৰ বৰ্মনৰ অভিনয় প্ৰসংশনীয় । কবিতা চুতীয়াই প্ৰাণঢালি অভিনয় কৰি নিজ দক্ষতাক প্ৰতিফলিত কৰিছে ।বিকি কাশ্যপ, উৎপলজ্যোতি নাথ,জিতু শইকীয়া ,মৃন্ময় ডেকা , জিতেন দাস প্ৰণামিতা মুদৈ ,ৰূপাঞ্জলি গোস্বামীয়ে নিজ নিজ চৰিত্ৰ সুন্দৰভাৱে ৰূপায়িত কৰিছে ।
নায়ক -নায়িকাৰ ভূমিকাত নৱাগত অভিনৱ অপূৰ্ব আৰু অনুশ্ৰী দাসে এক প্ৰত্যয়ভৰা অভিনয়েৰেৰে দৰ্শকক আকৃষ্ট কৰিছে । অৰ্থপূৰ্ণ অশোক ডেকাৰ আলোকে নাটকীয় মূহুৰ্ত বোৰ প্ৰাণবন্ত কৰি তুলিছে ।এই দুৰ্যোগৰ মাজত সংযোগ ঘটাই এক দু:সাহস ,সহস্ৰ প্ৰত্যাহ্বানক নেওচি প্ৰযোজক সুবোধ মজুমদাৰে এনে এখন মিঠা নাটক ভাগ্যদেৱীৰ দৰ্শকক উপহাৰ দিয়াৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।
(নিয়নদেৱ বৰ্মনৰ সহযোগত)













