![]()
বিশেষ প্ৰতিবেদনঃ
এটি নতুন গীত আৰু একাংশ শ্ৰোতা-দৰ্শকৰ বহুল উৎসাহ। নৱপ্ৰজন্মৰ প্ৰচেষ্টা আৰু প্ৰয়াসৰ ফলত সংগীত ক্ষেত্ৰখনত দেখিবলৈ পোৱা উত্তৰণে আমাক এই ক্ষেত্ৰখনৰ প্ৰতি যথেষ্ট আকৰ্ষিত কৰি তুলিছে। এনেক্ষেত্ৰত নৱপ্ৰজন্মৰ এটি দলৰ নাম উল্লেখযোগ্য। ইয়াৰ নাম হৈছে “Jonaki Mon & Soulmates”। বৰ্তমানলৈকে কেইবাটাও গ্ৰহণযোগ্য প্ৰকল্পৰ উপহাৰ সংগীতক্ষেত্ৰখনক দিয়া এই দলটোৰ তৰফৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত গীতটি হৈছে ‘বালিমাহী’। ভিডিঅ’ সহ মুক্তিপ্ৰাপ্ত এই গীতটিয়ে লাভ কৰিছে জনসাধাৰণৰ সমাদৰো। আমি আপোনালোকক প্ৰায় কৈ আহিছো যে আমাৰ সংগীত ক্ষেত্ৰখনে যদিও নতুনত্বৰ সৈতে মুখামুখি হৈছে তথাপিও যেন ই নিজৰ সুকীয়া চিনাকী হেৰুওৱা নাই। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম আৰু তেনে পৰিপ্ৰেক্ষিততে, গীতসমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা পৰিৱৰ্তন সমূহেও সংগীত প্ৰেমী শ্ৰোতাক এতিয়া আজুৰিবলৈ সক্ষম হৈছে। ‘বালিমাহী’ গীতটিও তেনেই এক উদাহৰণ।
এই গীতটিত কথা আৰু ভিডিঅ’ বিষয়বস্তু তথা পৰিচালনা নৱপ্ৰজন্মৰ মাজৰ জনপ্ৰিয় গীতিকাৰ ডানিশৰ। গীতটিত কণ্ঠদান আৰু সুৰ কৰিছে আন এগৰাকী প্ৰতিভাসম্পন্ন জোনাকী মনে। সংগীত আৰু শব্দ সংমিশ্ৰণ কৰিছে পিংকুল আহমেদে। গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনা শিৱম ৰয়ৰ।













