![]()
নিউজ ডেস্কঃ
প্রথম অভাৰতে ৰোহিত শর্মা, তৃতীয় অভাৰত লোকেশ ৰাহুলৰ উইকেট হেৰুওৱাটোকে ভাৰতৰ পৰাজয়ৰ কাৰণ হিচাবে দাঙি ধৰিলে বিৰাট কোহলিয়ে। লজ্জাজনক পৰাজয়ৰ পিছত সংবাদমেলত সুৰ নৰম হ’ল কোহলিৰ৷ অৱশ্যে দল গঠনক দোষী কৰিবলৈ ৰাজী নহয় কোহলি। তেওঁৰ মতে পাকিস্তানে কোনো সুযোগেই নিদিলে ভাৰতক!
১০ উইকেটত পাকিস্তানৰ বিৰুদ্ধে পৰাজয় সন্দৰ্ভত কোহলিয়ে কয়, “নিজৰ পৰিকল্পনা অনুযায়ী খেলিব নোৱাৰিলো। পাকিস্তানে আমাক সকলো বিভাগতেই পৰাস্ত কৰিলে। আৰম্ভণিতেই তিনি উইকেট হেৰুৱালে কাম কঠিন হৈ যায়। বেট হাতত লৈও পেছাদাৰিত্ব দেখুৱালে পাকিস্তানে। যিমান সহজে তেওঁলোকৰ বেটছমেনে খেলিছে, এই পিটচত খেলাটো সিমান সহজ নাছিল। আৰু ১০, ২০ ৰান আমি কৰাটো প্ৰয়োজন আছিল। কিন্তু পাকিস্তানৰ দুর্দান্ত বলিঙে আমাক সেইটো কৰিবলৈ নিদিলে।”
অৱশ্যে এতিয়াই ভাঙি পৰা নাই কোহলি। তেওঁ কয়, “আমি এতিয়াই আতঙ্কিত হোৱা নাই। প্রতিযোগিতা মাত্ৰ আৰম্ভহে হৈছে। এয়াই শেষ নহয়।” উল্লেখ্য, বিশ্বকাপৰ মঞ্চত প্রথমবাৰ পাকিস্তানৰ ওচৰত পৰাজয়বৰণ কৰিলে ভাৰতে। এইবাৰৰ বিশ্বকাপত টছ ডাঙৰ নির্ধাৰক হ’ব পাৰে বুলিও ভাব কোহলিৰ। তেওঁ কয়, “টছ ডাঙৰ ফেক্টৰ হ’বলৈ গৈছে। আগত বেটিং কৰিলে অন্তত ১০,২০ ৰান বেছি কৰিবই লাগিব।”













