![]()
বিশেষ প্ৰতিবেদনঃ
চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ ড্ৰাগছ কেছৰ ফলত কাৰাবন্দী হৈ আছে। তেওঁ বিগত তিনিটা সপ্তাহৰ পৰা অৰ্থৰ জেইলত বন্দী হৈ আছে। জানিব পৰা মতে, কিং খানে পুত্ৰক দেখা কৰিবলৈ যোৱাৰ দিনাও পুত্ৰই সেই সময়কণ কেৱল মাত্ৰ কান্দি আছিল। শেহতীয়াকৈ অহা খবৰনুসৰি, আৰিয়ন খানে বৰ্তমান আধ্যাত্মিক কিতাপ পঢ়ি নিজ সময় অতিবাহিত কৰি আছে। ইয়াৰ উপৰিও, তেওঁ জেইলত সন্ধিয়া হোৱা আৰতিৰ সময়টো উপস্থিত থাকে। আৰিয়ন খানে জেইলত থকা পুথিভঁৰাল অৰ্থাৎ লাইব্ৰেৰীৰ পৰা দুখনকৈ কিতাপ লৈছিল, য’ত এখন আছিল ভগৱান ৰাম আৰু সীতাৰ কাহিনীৰ ওপৰত আধাৰিত আৰু আনখন আছিল ‘দ্যা লায়ন্স গেট’ ।
উল্লেখ্য যে, বিগত দুবাৰকৈ আদালতে আৰিয়ন খানক জামিন দিবলৈ নাকচ কৰিছে। অহা কাইলৈ পুনৰ বাবে শ্বাহৰুখ পুত্ৰৰ জামিনৰ শুনানি হ’ব। বলীউডৰ আন কেতবোৰ খবৰৰ মাজত আৰিয়ন খানৰ প্ৰসংগটোৱে বিগত দিন ধৰি চৰ্চা লাভ কৰি আহিছে জনসাধাৰণৰ মাজত।













