![]()
নিউজ ডেস্কঃ
পাকিস্তানক জয়ৰ সোৱাদ দিয়াই মেচৰ শ্ৰেষ্ঠ হোৱাই নহয়, দেওবাৰে এক অনন্য ৰেকৰ্ড গঢ়ে চাহিন আফ্রিদিয়ে। মহম্মদ আমিৰ, চাহিদ আফ্রিদিয়ে কৰিব নোৱাৰা কামটোকেই কৰিলে চাহিন আফ্রিদিয়ে। টি-২০ বিশ্বকাপত পাকিস্তানৰ প্রথম বলাৰ হিচাবে বিৰাট কোহলিক আউট কৰে তেওঁ।
দেওবাৰে আফ্রিদিৰ শ্লৱাৰ বাউন্সাৰত কোহলি কট আউট হয়। পুল মাৰিবলৈ গৈ ব্যৰ্থ হয় তেওঁ। তেওঁৰ বেটৰ ওপৰত লগা বল উইকেটৰক্ষক মহম্মদ ৰিজৱানৰ গ্ল’ভছত বন্দী হয়। ৪৯ বলত ৫৭ ৰান কৰি আউট হয় কোহলি।
উল্লেখ্য, টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে চতুর্থ মেচত প্রথমবাৰ আউট হয় ভাৰতৰ অধিনায়কগৰাকী। ২২৬ ৰান আৰু ১৭৯টা বল পিছত পাকিস্তানৰ বিৰুদ্ধে প্রথম আউট হয় তেওঁ।
চলিত বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ৩টা ইনিংছত ১৬৯ ৰান কৰিছিল কোহলিয়ে। তিনিওটা ইনিংছতেই তেওঁ অপৰাজিত আছিল। ২০১২ চনৰ টি-২০ বিশ্বকাপত ৬১ বলত অপৰাজিত ৭৮ ৰান, ২০১৪ চনত ৩২ বলত অপৰাজিত ৩৬ ৰান আৰু ২০১৬ চনত পুনৰ ৩৭ বলত অপৰাজিত ৫৫ ৰান কৰি মেচ জয়ী কৰাই মেচৰ শ্ৰেষ্ঠ হৈছিল।
ইয়াৰ পূৰ্বৰ তিনিখন মেচত আমিৰ, ওমৰ গুল, চাহিদ আফ্রিদি, চৈয়দ আজমল, মহম্মদ হাফিজৰ দৰে বলাৰসকলে বল কৰিছিল পাকিস্তানৰ হৈ। কিন্তু কোনোৱেই কোহলিক আউট কৰিব পৰা নাছিল। চাহিন আফ্রিদিয়ে প্রথম পাক বলাৰ হিচাবে কোহলিৰ উইকেট লাভ কৰে।













