![]()
নিউজ ডেস্কঃ
দেশৰ দৈনিক কোভিড সংক্রমণ বিগত ১৭ দিন ধৰি ২০ হাজাৰৰ তলত থকাৰ পিছত সোমবাৰে ১৫ হাজাৰৰ তললৈ নামে। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১৪ হাজাৰ ৩০৬ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪১ লক্ষ ৮৯ হাজাৰ ৭৭৪ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৪৩ জনৰ।
ইয়াৰ ভিতৰত কেৰালাতেই ৩৬৩জন। মহাৰাষ্ট্র, তামিলনাডু আৰু পশ্চিমবঙ্গত দৈনিক মৃত্যু যথাক্রমে ১৮, ১৫ আৰু ১০। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত কৰোনা ভাইৰাছে প্ৰাণ কাঢ়িছে মুঠ ৪ লক্ষ ৫৪ হাজাৰ ৭১২ জনৰ। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৬৭ হাজাৰ ৬৯৫ জন। দেশৰ ভিতৰত কেৰালাত আক্রান্তৰ সংখ্যা সৰ্বাধিক।













