![]()
নিউজ ডেস্কঃ
অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। আজি পুৱা প্ৰায় ৬.৩০ মান বজাত সংঘটিত হয় এই দূৰ্ঘটনাটো। জোনাই মহকুমাৰ জোনকাৰেং, ৰাজখানা অঞ্চলৰ পৰা অৰুণাচক প্ৰদেশৰ দঞিঃপল চাহ বাগানলৈ মহিলা শ্ৰমিক কঢ়িয়াই নিয়া AR 09 7093 নম্বৰৰ এখন বাছে বিপৰীত দিশৰ পৰা অহা এখন বলেৰ’ গাড়ীক পথ এৰি দিবলৈ যাওঁতে নিজে নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিত বাগৰি পৰে।
বাছখনত থকা ২৫ গৰাকী গুৰুত্বৰভাৱে আহত হোৱা বিপৰীতে সংকটজনক অৱস্থাত থকা ৫ গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। আন বাকী মহিলা শ্ৰমিকক দ্বীপজনী নাৰ্চিং হোম আৰু জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
পথ দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াত অয়ানৰ গাওঁৰক্ষী বাহিনী , আদি মিচিং বাঃনে কৌবাং, ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰশাসনক সহায় কৰে I













