নিউজ ডেস্কঃ
পুনৰ আইপিএল দলৰ মালিক হিচাবে দেখা যাব সঞ্জীৱ গোৱেঙ্কাক। নতুন দল ক্ৰয়ৰ বাবে সোমবাৰে সৰ্বাধিক মূল্যৰ নিবিদা আগবঢ়ায় তেওঁৰ কোম্পানী আৰপিজি গ্রুপে। নিলামত প্রায় ৭,০৯০ কোটি মূল্য দিয়ে তেওঁলোকে। আৰপিজি গ্রুপৰ উপৰি আইপিএলত আন এটি দল কিনিবলৈ আগবাঢ়িছে আন্তর্জাতিক কোম্পানী চিভিচি কেপিটেল। তেওঁলোকৰ নিবিদা ৫,৬০০ কোটি টকাৰ। অর্থাৎ দুই কোম্পানী মিলি ১২,৬৯০ কোটি টকাত বিচিচিআইৰ ঘৰত প্ৰৱেশ কৰিব বিচাৰিছে।
আইপিএলৰ নতুন দুটি দল আহিবলৈ আগবাঢ়িছে আহমেদাবাদ আৰু লক্ষ্ণৌৰ পৰা। আহমেদাবাদ পাইছে চিভিচি কেপিটেলে। লক্ষ্ণৌ লাভ কৰিছে আৰপিজি গ্রুপে।
সোমবাৰে দুপৰীয়া এক বজাৰ পৰা ডুবাইৰ এখন হোটেলত নিবিদা খোলাৰ কাম আৰম্ভ হয়। নিবিদাৰ যুঁজত জয়ী এই দুটা কোম্পানীৰ উপৰি আছিল আদানি গ্রুপ, মাঞ্চেষ্টাৰ ইউনাইটেডৰ মালিক গ্লেজাৰ পৰিয়াল, উদয় কোটাক, অল কার্গো লজিস্টিক্স, টৰেন্ট ফার্মাৰ দৰে বহু বিখ্যাত কোম্পানী। সন্ধিয়া চাৰে সাতটাত চূড়ান্ত ফল ঘোষণা কৰা হয়।