নিউজ ডেক্স:
আজি সন্ধিয়া ৫.৩০ বজাত লাহৰিজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তিনি-চাৰিজন ব্যক্তিয়ে ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰে৷ ব্যক্তিকেইজনে লাহাৰিজান আৰক্ষীচকীৰ নাকা তালাচী চকীৰ চকুত ধূলি দি দিচাপুৰ দেওবৰীয়া বজাৰ পথেৰে উক্ত ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্যও লাভ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে।
উক্ত তথ্য লাভ কৰি লগে লগে তাত এটা নাকা তালাচী চকী স্থাপন কৰে। সন্ধিয়া প্ৰায় ৬.৩০মান বজাত উক্ত স্থানত দুজন/তিনিজন ব্যক্তিৰ সন্দেহজনক চলাচল লক্ষ্য কৰি তালাচীৰ বাবে তেওঁলোকক ৰ’বলৈ কোৱা হয়। কিন্তু তৎমুহূৰ্ততে ব্যক্তিকেইজনে নাকা পাৰ্টিৰ ওপৰত গুলীচালনা কৰে।
আত্মৰক্ষাৰ বাবে নাকা দলটোৱেও গুলীৰে প্ৰত্যুত্তৰ দিয়ে। ইয়াৰ ১৫-২০ মিনিটমান পিছত অঞ্চলটোত তন্ন তন্নকৈ তালাচী চলাই মাটিত পৰি থকা অৱস্থাত গুলীবিদ্ধ এজন ব্যক্তিক উদ্ধাৰ কৰে। তেওঁৰ পৰা এটা ৭.৬৫ এমএম পিষ্টল আৰু এটা বেগ উদ্ধাৰ হয়।
বেগটো তালাচী কৰাৰ পিছত তাত ৬২৬ গ্ৰাম ওজনৰ ৫০টা হেৰইনৰ চাবোন কেছ আৰু ২০টা গুলী আৰু এটা মোবাইল ফোন জব্দ কৰা হয়। জানিব পৰা মতে উক্ত হেৰইনখিনিৰ বজাৰ মূল্য ৪-৫ কোটি টকা হ’ব৷ লগতে কিছু খালী কাৰ্টিজো উদ্ধাৰ হয়।
আনহাতে পলাই যোৱা লোককেইজনক ধৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাই আছে আৰু দুজন ব্যক্তি নাগালেণ্ডৰ ফালে পলাই যোৱা বুলি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা গৈছে।