![]()
বিশেষ প্ৰতিবেদনঃ
“এনেকুৱা হোৱা নাই আগে-পিছে”, সঁচাকৈ যেন এনেকুৱা হোৱা নাই আগে-পিছে। আচুৰ্য্য বৰপাত্ৰৰ সদ্যমুক্তিপ্ৰাপ্ত নতুন গীত “এনেকুৱা হোৱা নাই আগে-পিছে” য়ে শেহতীয়াকৈ বহুল হাৰত লাভ কৰিছে জনপ্ৰিয়তা। ভিডিঅ’সহ মুক্তিপ্ৰাপ্ত এই গীতটিত আচুৰ্য্য বৰপাত্ৰৰ পূৰণি গীতবোৰৰ তুলনাত এক নতুন ৰং দেখিবলৈ পোৱা গ’ল। কাহিনী সমৃদ্ধ তেওঁৰ প্ৰতিটো গীততকৈ এই গীতটিত নতুন আৰু ব্যতিক্ৰমীতা অনুভৱ কৰিছে তেওঁৰ বহুল হাৰত থকা অনুৰাগীয়ে। মুক্তিৰ পিছতেই প্ৰতিটো গীততেই জনপ্ৰিয়তাৰ মোহৰ লগা আচুৰ্য্য বৰপাত্ৰই তেওঁৰ শ্ৰুতিমধুৰ কণ্ঠৰে প্ৰতিবাৰেই জনসাধাৰণক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছে। তেওঁৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “বৰষুণ” ৰ ক্ষেত্ৰটো আমি একেটাই কথা ক’ব পাৰোঁ। এই ৰোমাণ্টিক গীতটিত ইউটিউবত উপভোগৰ সংখ্যা সৰ্বাধিক।
আমি এতিয়া আহোঁ, নতুনকৈ মুক্তিপ্ৰাপ্ত “এনেকুৱা হোৱা নাই আগে-পিছে” গীতটিৰ প্ৰসংগলৈ। গীতটিত কণ্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত কথা আৰু সংগীত আচুৰ্য্য বৰপাত্ৰৰ নিজৰেই। ইয়াত সুৰ কৰিছে পাপু গগৈয়ে, সহঃ সংগীত প্ৰযোজনা প্ৰণয় দত্তৰ লগতে শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। ভিডিঅ’ আচুৰ্য্যৰ সৈতে অভিনয় কৰিছে পুনম লহকৰে। নৱাগতা এই গৰাকী অভিনেত্ৰীৰ অভিনয়ে আজুৰিছে দৰ্শকক। আনহাতে, ভিডিঅ’ পৰিচালনা জনপ্ৰিয় পৰিচালক শচীন বৰুৱাৰ আৰু দৃশ্যগ্ৰহণ উত্তম কলিতাৰ।













