![]()
নিউজ ডেস্কঃ
এক চিনেমাৰ দৰে কাহিনী। ঘৰৰ পৰা টকা লৈ অটোচালকৰ সৈতে পলোৱাৰ অভিযোগ উঠিল এগৰাকী মহিলাৰ বিৰুদ্ধে। সম্প্রতি মধ্যপ্রদেশৰ ইন্দোৰৰ খাজৰানাত ঘটিছে এই ঘটনা। জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামী এজন ব্যৱসায়ী। ইন্দোৰত তেওঁৰ কেইবা কোটি টকাৰ সম্পত্তি আছে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, ১৩ অক্টোবৰ পৰা সন্ধানহীন হৈ আছিল উক্ত ব্যক্তিজনৰ পত্নী। ১৩ অক্টোবৰৰ নিশা পত্নী ঘৰলৈ উভতি নহাত থানাত অভিযোগ দাখিল কৰে তেওঁ। অভিযোগত তেওঁ জনাইছিল যে তেওঁৰ পত্নীয়ে ঘৰৰ পৰা ৪৭ লাখ টকা কৈ লৈ অন্তৰ্ধান হৈছে। স্বামীৰ অভিযোগ, এজন অটোচালকৰ সৈতে পলাইছে তেওঁৰ পত্নী।
জানিব পৰা মতে, উক্ত অটোচালকজনৰ নাম ইমৰান। তেওঁ মহিলাগৰাকীতকৈ প্রায় ১৩ বছৰে সৰু। ইমৰানে মহিলাগৰাকীক প্রায়েই ঘৰৰ পৰা অনা-নিয়া কৰিছিল। মহিলাগৰাকীৰ স্বামীৰ অভিযোগ লাভ কৰি ঘটনাৰ তদন্তত নামে আৰক্ষী। তাৰ পিছত ইমৰানৰ এজন বন্ধুৰ ঘৰৰ পৰা ৩৩ লক্ষ টকা উদ্ধাৰ কৰা হয়। অৱশ্যে ইমৰান আৰু মহিলাগৰাকীৰ সন্ধান এতিয়াও পোৱা নাই আৰক্ষীয়ে।













