![]()
নিউজ ডেস্কঃ
চাৰে ১২ হাজাৰৰ তললৈ নামিল দেশৰ দৈনিক কোভিড সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১২ হাজাৰ ৪২৮ জন। ২ মার্চত অন্তিমবাৰ দেশৰ দৈনিক সংক্রমণ আছিল ইমান কম। উক্ত দিনা দেশত আক্রান্ত হৈছিল ১২ হাজাৰ ২৮৬ জন। অর্থাৎ সাত মাহৰো বেছি সময় পিছত সংক্রমণ ইমান কম হ’ল। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪২ লক্ষ ২ হাজাৰ ২০২ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩৬৫ জনৰ। যাৰ ভিতৰত ২৮১ জনেই কেৰালাৰ। বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগী কমিছে ৩ হাজাৰ ৮৭৯ জন। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৬৩ হাজাৰ ৮১৬ জন।













