![]()
বিশেষ প্ৰতিবেদনঃ
নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত উপৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুয়ে সোমবাৰে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ বিতৰণ কৰে। এনে পৰিপ্ৰেক্ষিততে, এই অনুষ্ঠানত দক্ষিণ তাৰকা তথা চুপাৰষ্টাৰ ৰজনীকান্তক “দাদা চাহেব ফাল্কে’ বঁটাৰে সন্মানিত কৰা হয়। লগতে, অভিনেতা ধনুষ আৰু মনোজ বাজপেয়ীয়ে ‘অসুৰণ’ ত কৰা ভাল কামৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। এই শুভক্ষণতে, অভিনেতা ধনুষে চুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে এখন ফটো পোষ্ট কৰি নিজ সুখ ব্যক্ত কৰে। ফটোখনত দুয়োগৰাকীয়ে লাভ কৰা পুৰস্কাৰ হাতত লৈ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰা দেখিবলৈ পোৱা যায়।
ধনুষে ফটোখনৰ সৈতে দিয়া কেপচনত কয় যে, “একেখন মঞ্চতে চুপাৰষ্টাৰ গৰাকীৰ সৈতে বঁটা লাভ কৰাটো মোৰ বাবে অবৰ্ণনীয় আছিল। মোক এই সন্মান দিয়াৰ বাবে ৰাষ্ট্ৰীয় বঁটা জুৰী আৰু সংবাদ মাধ্যমক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।













