নিউজ ডেস্কঃ
ক্রিকেট তাৰকাসকলৰ পিছত এইবাৰ চামিৰ কাষত থিয় দিলে ৰাজনীতি জগতৰ ব্যক্তিসকলেও। কংগ্রেছ নেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি অল ইণ্ডিয়া ইত্তেহাদুল মুছলিমিন (মিম)ৰ প্রধান আছাদউদ্দিন ৱেইচিয়ে চামিক অপমানৰ প্রতিবাদ কৰিছে। এই ঘটনাত বিজেপি চুপ কিয় বুলিও প্রশ্ন উঠিছে।
উল্লেখ্য, টি-২০ বিশ্বকাপৰ প্রথম মেচত পাকিস্তানৰ হাতত পৰাজয়ৰ পিছৰ পৰাই নেট মাধ্যমত আক্ৰমণৰ চিকাৰ হয় চামি। মেচখনত ৩.৫ অভাৰত ৪৩ ৰান দিয়ে ভাৰতৰ ফাষ্ট বলাৰগৰাকীয়ে। বাকী বলাৰসকলৰো প্ৰদৰ্শন ভাল নহয়। কিন্তু বেছিভাগৰে আক্রমণৰ লক্ষ্য আছিল চামি। তেওঁক ধর্মৰ প্ৰসংগ তুলি আক্রমণ কৰা হয়। তাৰেই প্রতিবাদত সৰৱ হৈছে ৰাহুল-আছাদুদ্দিন।
টুইটাৰত ৰাহুল গান্ধীয়ে লিখে, ‘চামি, আমি আপোনাৰ ওচৰত আছো। তেওঁলোকৰ মন ঘৃণাৰে ভৰি গৈছে। তেওঁলোকক ক্ষমা কৰি দিয়ক।’
টুইট কৰে ৱেচিয়েও। তেওঁ লিখে, ‘খেলত জয়-পৰাজয় থাকে। কিন্তু পাকিস্তানৰ বিৰুদ্ধে মেচত পৰাজয়ৰ পিছত যেনেদৰে চামিক লক্ষ্য কৰা হৈছে, সেয়া সংখ্যালঘুসকলৰ প্রতি ঘৃণাৰ পৰাই হৈছে। দলত ১১ জন ক্রিকেটাৰ থাকে। পৰাজয়ৰ দায়িত্ব এজনৰ হ’ব নোৱাৰে। বিজেপি চৰকাৰে এই ঘটনাৰ নিন্দা কৰিবনে?’
উল্লেখ্য, চামিক অপমানৰ ঘটনাত চুপ থকা নাই ক্রিকেট মহলো। শচীন তেণ্ডুলকাৰৰ পৰা আৰম্ভ কৰি বীৰেন্দ্র চেহবাগ, হৰভজন সিং, ইৰফান পাঠান আদিয়ে এই ঘটনাৰ গৰিহণা দি চামিৰ কাষত থিয় দিছে।