![]()
নিউজ ডেস্কঃ
মঙ্গলবাৰে বম্বে আদালতত আৰিয়ান খানৰ জামিনৰ শুনানি অসমাপ্ত হৈ ৰ’ল। যাৰ ফলত মঙ্গলবাৰেও তেওঁ জামিন নাপালে। বুধবাৰে হ’ব পুনৰ শুনানি।
বম্বে হাইকোর্টৰ প্রতি আস্থা ৰাখি যোৱা সপ্তাহত পুত্ৰৰ জামিনৰ আবেদন খাৰিজ হোৱাৰ পিছত নিম্ন আদালতক প্ৰত্যাহ্বান জনাই উচ্চ আদালতৰ দ্বাৰস্থ হৈছিল খান পৰিয়াল।
উল্লেখ্য, বিগত ২ অক্টোবৰত ড্ৰাগছ-কাণ্ডত আটক হোৱাৰ পিছত ৩ অক্টোবৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰে আৰিয়ানক। মুঠ দুবাৰ তেওঁৰ জামিন আবেদন নাকচ হয়। যুক্তি হিচাবে ৰোৱা হয় যে জামিনত মুকলি হ’লে আৰিয়ানে তেওঁৰ বিৰুদ্ধে যাৱতীয় তথ্য-প্রমাণ নষ্ট কৰাৰ চেষ্টা কৰিব পাৰে। কিন্তু এইবাৰ ভবা হৈছিল যে জামিন পাব পাৰে আৰিয়ানে। কিন্তু কোনো ৰায় শুনোৱা নহ’ল মঙ্গলবাৰে।













