নিউজ ডেস্কঃ
১ জুলাই, ২০২১ৰ পৰা কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ বাবে মৰগীয়া বানচ (DA) মূল দৰমহাৰ ২৮ শতাংশৰ পৰা বৃদ্ধি কৰি ৩১ শতাংশ কৰা হৈছে। কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ সূত্ৰত এই কথা প্ৰকাশ।
সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মতে মৰগীয়া বানচ দিয়া হ’ব। ইয়াৰ কাৰণে ৰাজকোষৰ পৰা মুঠ ৯,৪৮৮.৭০ কোটি টকা অতিৰিক্ত ব্যয় হ’ব।
২৫ অক্টোবৰত বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে জাৰি কৰা বিজ্ঞপ্তি অনুযায়ী, ১ জুলাই, ২০২১ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই বৰ্ধিত ৩১ শতাংশ ডিএ লাভ কৰিব। কেৱ লকৰ্মচাৰীসকলেই নহয়, ইয়াৰ সুবিধা লাভ কৰিব পেঞ্চনাৰসকলেও।
উল্লেখ্য, যোৱা সপ্তাহত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ ৩ শতাংশ বৃদ্ধিৰ প্রস্তাৱত অনুমোদন জনাইছিল কেন্দ্রীয় কেবিনেটে।
মন্ত্রীসভাত প্রস্তাৱ অনুমোদনৰ পিছত কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ ঠাকুৰে কয়, চৰকাৰৰ এই সিদ্ধান্তৰ ফল কোষাগাৰৰ পৰা বছৰি ব্যয় হ’ব ৯,৪৮৮.৭০ কোটি টকা। ইয়াৰ ফলত ৪৭ লাখৰো অধিক কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰ উপকৃত হ’ব।