ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ যোৱা ১৪চেপ্তেম্বৰ,২০১৯ৰ পৰা ২০চেপ্তেম্বৰলৈ সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি উদযাপন কৰা ‘সেৱা সপ্তাহ’ৰ গোলাঘাট জিলা বিজিপিৰ উদ্যোগতো বিভিন্ন কাৰ্যসূচীৰে সফল ৰূপায়ণ কৰা হয় ৷
বিজেপি গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক সীমান্ত বৰাই এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি জনোৱা মতে যুৱ মৰ্চা আৰু জিলা স্বাস্থ্যসেৱা বিভাগৰ সহযোগত জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰক্তদান শিৱিৰেৰে সেৱা সপ্তাহৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷ প্ৰায় ৫০গৰাকী কৰ্মকৰ্তাই সেইদিনা ৰক্তদান কৰে ৷

সেৱা সপ্তাহৰ দ্বিতীয় কাৰ্যসূচী হিচাবে ১৬চেপ্তেম্বৰ তাৰিখে গোলাঘাট নগৰস্থিত গড়কাপ্তানী বিভাগ,ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় চৌহদ আৰু গোলাঘাট জিলা সহিত্য সভাৰ কাৰ্যিলয় চৈয়দ আব্দুল মালিক ভৱনৰ চৌহদত স্বচ্ছ ভাৰত অভিযান কৰি ঠাই সমূহ পৰিষ্কাৰ কৰি তোলে৷
তৃতীয় কাৰ্যসূচীত ১৭চেপ্তেম্বৰ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে ৰোগী আৰু অনাথ আশ্ৰম আদিত ফলমূল বিতৰণ কৰা হয়৷ ৰাতিপুৱা গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ শিশু ৱাৰ্ডত, তৰাপাছত বেঙেনাখোৱাস্থিত বৃদ্ধাশ্ৰমত বিজেপিৰ কাৰ্যকৰ্তা সকলে ফলমূল বিতৰণ কৰি বিয়লি বোকাখাতৰ অনাথ শিশু গৃহ আৰু বিশেষভাৱে সক্ষম শিশু সকলৰ বিদ্যালয়ত ফলমূল বিতৰণ কৰে ৷

সেৱা সপ্তাহৰ অন্তিম কাৰ্যসূচী হিচাবে যোৱা ২০চেপ্তেম্বৰ তাৰিখে তেতলীতল অঞ্চলত ৰাষ্টাৰ কাষে কাষে প্ৰায় দুশ গছপুলি ৰোপন কৰা হয় ৷ উক্ত কাৰ্সূচীৰে উদ যাপন কৰা সেৱা সপ্তাহৰ প্ৰমুখৰ দ্বায়িত্বত আছিল জিলাৰ উপ-সভাপতি দিব্যজ্যোতি বুঢ়াগোঁহাই ৷ তেখেতক বিশেষভাৱে সহযোগিতা আগবঢ়াই ক্ৰমে যুৱ মৰ্চাৰ জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ আৰু যুৱ মৰ্চাৰ উপ-সভাপতি সঞ্জু কৌশিকে ৷ কেউটা কাৰ্যসূচীতে জিলা বিষয়ববীয়া, প্ৰায়সংখ্যক কাৰ্যকৰ্তাকে আদি কৰি কেইবাগৰাকীও শুভাকাংক্ষীয়ে সহযোগিতা আগবঢ়ায় ৷

বিশেষকৈ জিলা সভাপতি দেৱজিত বৰা, অসম ৰাজ্যিকৰ সম্পাদক দেৱপ্ৰদীপ বৰা, জ্যেষ্ঠ নেতা তথা অসম ৰাজ্যিক চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা, ৰাজ্যিক কিষান মৰ্চাৰ সাধাৰণ সম্পাদক যতীন বৰা, জিলা উপ-সভানেত্ৰী জুনু গগৈ, জিলা সাধাৰণ সম্পাদক সীমান্ত বৰা, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী টুটুমনি বৰা, নগৰ মণ্ডলৰ সভাপতি নয়নমনি বৰা, মহিলা মৰ্চাৰ নগৰ মণ্ডলৰ সভানেত্ৰী হিমাদ্ৰী হাজৰিকা, ৱাৰ্ড সদস্য ক্ৰমে ৰণ চলিহা, ডা.কমলেশ্বৰ নেওগ, জুমি দুৱৰা, সেৱা সপ্তাহৰ সহ:প্ৰমুখ ভোগেশ্বৰী চাংমাইৰ লগতে সমাজকৰ্মী বিবেকা শৰ্মা, ৰিপুঞ্জয় বৰা, দলীয় কৰ্মী ৰাকেশ ৰঞ্জন শইকীয়া, বিদ্যুত বিকাশ বৰা, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সম্পাদিকা জাহ্নৱী সোণোৱাল, জোনালী শইকীয়া,যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকল উপস্থিত থাকিউপস্থিত থাকি কাৰ্যসূচী সমূহ সফল হোৱাত সহায় কৰে ৷













