নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত সেৱা আগবঢ়াই অহা প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিক সংগঠন ‘অসম ষ্টাৰ’ৰ তৰফৰ পৰা প্ৰতিভাধৰসকলক সামাজিকভাৱে স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে আজি অসম ষ্টাৰৰ সভাপতি অজিত বৰ্মন আৰু সম্পাদকদ্বয় দিগন্ত কুমাৰ চৌধুৰী আৰু মনোৰঞ্জন কলিতাই এক প্ৰেছ বিজ্ঞপ্তিযোগে ২০২১ বৰ্ষৰ ‘অসমষ্টাৰ এৱাৰ্ড’ ঘোষণা কৰিছে৷
সংগঠনটোৱে ২০২১ বৰ্ষত তিনিখন ক্ষেত্ৰৰ তিনিগৰাকী প্ৰথিতযশা ব্যক্তিত্বক জীৱনজোৰা সাধনা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি প্ৰসিদ্ধ সাংবাদিক, সাহিত্যিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে৷ আনহাতে অসমীয়া চিনেমাৰ সৰ্বসমাদৃত স্বনামধন্য অভিনেত্ৰী মৃদুলা বৰুৱালৈ চিনেমা জগতৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব৷
তদুপৰি বিগত ৩১ বছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নিৰলসভাৱে নাট লিখি অহা আৰু অগণিত কালজয়ী নাট অসমবাসীক উপহাৰ দিয়ো বিশিষ্ট নাট্যকাৰ অৱতাৰ সিঙক ভ্ৰাম্যমাণ থিয়েটাৰৰ জীৱনজোৰা সাধনা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে৷ আনহাতে ‘সংবাদশ্ৰী’ বঁটা প্ৰদান কৰা হ’ব অসমৰ সংবাদ জগতৰ দুগৰাকী খ্যাতিমন্ত সাংবাদিক ‘প্ৰাগ নিউজ’ৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু ‘অসমীয়া প্ৰতিদিন’ৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীলৈ৷ ইয়াৰ বাহিৰেও বিভিন্ন ক্ষেত্ৰৰ যোগ্য ব্যক্তিসকলক ‘শিক্ষা ৰতন’, ‘চিকিৎসা ৰতন’, ‘সাহিত্যশ্ৰী’, ‘প্ৰকৃতি বান্ধৱ’, ‘সমাজ হিতৈষী’, ‘কৃষ্টি হিতৈষী’, ‘প্ৰত্যুষ প্ৰভাকৰ’, ‘বণিজ বান্ধৱ’ ইত্যাদি বঁটা প্ৰদান কৰা হ’ব৷
বঁটাপ্ৰাপকসকল হ’ল নুৰুল চুলতান, ডাঃ গীতাৰ্থ ৰায় মেধি, মাধৱ ছেত্ৰী, বিভা বুজৰবৰুৱা, দৰ্শন শইকীয়া, মহানন্দ কুমাৰ, বিজয় নাইডু, ভৰতৰাজ, ডাঃ গোপাল কলিতা, চামনুৰ আলী, পুতুলী ডেকা, বিভা দত্ত, ড॰ মাইনু দেৱী, বিভাৰাণী ডেকা, ড॰ দিপালী দাস, পংকজ নমঃশূদ্ৰ, অনুপমা দত্ত, দিলীপ লহকৰ আৰু উৎপল ৰায়৷ তদুপৰি জনপ্ৰিয় এক্সিডেণ্ট ট্ৰ’মা আৰু ইমাৰজেঞ্চি হাস্পতালৰ বঁটা গুৱাহাটীস্থ গেট হাস্পতাল, জনপ্ৰিয় ৰেষ্টুৰেণ্টৰ বঁটা মিছিং কিট্চেন, জনপ্ৰিয় জুয়েলাৰীৰ বঁটা অস্কাৰ জুয়েলাৰী আৰু উৎকৃষ্ট শিক্ষা প্ৰতিষ্ঠানৰ বঁটা লালন্চ কোচিং আৰু লালন্চ ইণ্টিগ্ৰেটেড একাডেমীক প্ৰদান কৰা হ’ব৷
অহা ৩১ অক্টোবৰৰ বিয়লিৰ পৰা গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বাৰেৰহণীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘অসমষ্টাৰ এৱাৰ্ড ২০২১’ত এই বঁটাসমূহ প্ৰদান কৰা হ’ব৷