নিউজ ডেস্কঃ
মহৎ লক্ষ্যৰে গুৱাহাটীৰ ৰুক্মিণী গাঁৱত শিল্পী জুবিন গাৰ্গে আৰম্ভ কৰা বৃন্দাবন চুপাৰ মাৰ্ট নিশ্চয় হয়তো মনত আছে।বহুতে হয়তো শিল্পী জুবিনৰ বৃন্দাবন চুপাৰ মাৰ্ট আহিছে আৰু বহুতে আহিম বুলি চিন্তা কৰিছে।পথাৰ আৰু বজাৰ দখল কৰা মহান উদ্দেশ্য আগত লৈ ৰাজপথৰ আন্দোলনৰ সমানে সমানে আৰম্ভ কৰা শিল্পী জুবিনৰ ৰুক্মিণীগাঁৱত থকা বৃন্দাবন চুপাৰ মাৰ্টলৈ যিসকলে বজাৰ কৰিবলৈ অহা কথা ভাবিছিল তেওঁলোকৰ বাবে দু-খবৰ।কাৰণ ৰুক্মিণীগাঁৱত বন্ধ হল বৃন্দাৱন চুপাৰ মাৰ্ট।বন্ধ হোৱা প্ৰায় এমাহ সম্পূৰ্ন জাতীয় বিপ্লৱী বজাৰখন।
প্ৰাপ্ত খবৰ মতে-ৰূপজ্যোতি মিলন সংঘ ভূমিত স্থাপন কৰা বৃন্দাবন চুপাৰ মাৰ্টৰ ভাড়া ম্যাদ অন্ত পৰাত এবছৰতে ৰুক্মিণীগাঁৱত বন্ধ হল বিপনীখন।অসমীয়া নৱ প্ৰজন্মক পথাৰ আৰু বজাৰৰ প্ৰতি আকৃষ্ট কৰা লক্ষ্য-উদেশ্য লৈ আৰম্ভ কৰা বিপনীখন বন্ধ হোৱাত বহুতে প্ৰশ্ন তুলিছে।শিল্পী জুবিনো পথাৰ আৰু বজাৰ দখলত ব্যৰ্থ হল নেকি?কি কাৰণত এবছৰতে বন্ধ হ’ল চুপাৰ মাৰ্টখন।স্থায়ী ঠিকনা অবিহনে কেৱল মাত্ৰ চমক সৃষ্টি বাবেই জুবিনে আৰম্ভ কৰিছিল নেকি বৃন্দাবন চুপাৰ মাৰ্ট!গুৰুত্বপূৰ্ণ কথা বন্ধ পাছত বহুতে চুপাৰ মাৰ্টখনত বজাৰ কৰিবলৈ আহি নিৰাশাৰে উভতি গৈছে।
আনহাতে বৃন্দাবন চুপাৰ মাৰ্টৰ কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি গুৱাহাটী জয়ানগৰত পুনৰ আৰম্ভ কৰিব বৃন্দাবন চুপাৰ মাৰ্ট।তাৰ বাবে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে।কিন্তু ৰহস্যজনক কথা এই যে বন্ধ হোৱা এমাহৰ পাছতো তেওঁলোকে নিৰ্দিষ্টই কৰিব পৰা নাই পুনৰ মুকলি কৰা স্থান।তেনে স্থলত বৃন্দাবন চুপাৰ মাৰ্ট আকৌ কেতিয়া কত মুকলি হ’ব সেইয়াও ডাঙৰ প্ৰশ্ন।