নিউজ ডেস্কঃ
স্মার্টফোন বিক্ৰীৰ নামত প্রতাৰণা কৰা এক চক্রৰ সন্ধান লাভ দিল্লী আৰক্ষীৰ। মঙ্গলবাৰে দিল্লীৰ ৰোহিণী এলেকাৰ পৰা এই চক্ৰটোৰ ৫৩ জনক গ্রেপ্তাৰ কৰা হয়। তেওঁলোকৰ ভিতৰত ৪৬ গৰাকীয়েই মহিলা।
উপ আৰক্ষী অধীক্ষক প্রণৱ টৱালে জনোৱা মতে, অভিযুক্ত কেইজনে দুটা অবৈধ কল চেণ্টাৰ চলাইছিল। উক্ত কল চেণ্টাৰৰ জৰিয়তে প্রতাৰণাৰ জাল অন্য ৰাজ্যলৈও বিয়পাইছিল বুলি তেওঁ জনায়। স্মার্টফোন ডেলিভাৰীৰ নামত ধন সংগ্ৰহ কৰছিল কল চেণ্টাৰটোৰ কর্মচাৰীসকলে। তাৰ পিছত গ্ৰাহকৰ ঘৰত যেতিয়া পাৰ্চেল গৈছিল তেতিয়া তাৰ ভিতৰত চাবোন, ৱালেট, বেল্টৰ দৰে সামগ্ৰীহে লাভ কৰিছিল।
প্রতাৰক চক্ৰটোৱে গ্ৰাহকক বিভিন্ন অফাৰৰ মাধ্যমেৰে প্রলোভন দেখুৱাইছিল। সীমিত সময়ৰ বাবে ১৮ হাজাৰ টকাৰ মোবাইল চাৰে চাৰি হাজাৰ টকাত পোৱা যায় বুলি ফোন কৰিছিল। কোম্পানীটোৰ প্রতি বিশ্বাসযোগ্যতা বঢ়াবলৈ ফোন পঠাইছিল ভাৰতীয় ডাকসেৱাৰ জৰিয়তে। নগদ ডেলিভাৰীৰ সুবিধাও আছিল। কিন্তু গ্ৰাহকসকলে বাকচ হাতত পোৱাৰ পিছত দেখে তাৰ ভিতৰত আছে সস্তীয়া চাবোন, বেল্ট বা ৱালেট।
মঙ্গলবাৰে ৰোহিণীৰ দুটি অফিচত অভিযান চলাই আৰক্ষীয়ে মুঠ ৫৩ জনক গ্রেপ্তাৰ কৰে। লগতে ছয়টা কম্পিউটাৰ, এটি বাৰ কোড স্কেনাৰ, পাঁচটা মডেম আৰু ৮৬টা স্মার্টফোন বাজেয়াপ্ত কৰে আৰক্ষীয়ে।