নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১৩ হাজাৰ ৪৫১ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪২ লক্ষ ১৫ হাজাৰ ৬৫৩।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৫৮৫ জন কোভিড আক্রান্ত। ইয়াৰ ভিতৰত কেৰালাতেই মৃত্যু হৈছে ৪৮২ জনৰ।
ইফালে বিগত ২৪ ঘণ্টাত ১ হাজাৰ ১৫৫জন কমি দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৬২ হাজাৰ ৬৬১ জন।