নিউজ ডেস্কঃ
ভাৰত-পাক টি-২০ মেচৰ পিছতেই মহম্মদ চামিৰ বিৰুদ্ধে ‘দেশদ্রোহিতাৰ’ অভিযোগ উঠে। কিন্তু ইয়াৰ পিছতে ভাৰতীয় পেচ বলাৰগৰাকীৰ কাষত থিয় দিয়ে একাধিক প্রাক্তন ক্রিকেটাৰ। এনে অৱস্থাত চামিৰ কাষত থিয় দি শক্তিশালী বার্তা দিলে বিচিচিআয়ে।
ভাৰতীয় ক্রিকেট বোর্ডে মঙ্গলবাৰে কৰা এটি টুইটত দেখা গৈছে বিৰাট কোহলিক চামিৰ সৈতে হাত মিলোৱা। ছবিখনৰ ওপৰত লিখা আছে, ‘গর্বিত। শক্তিশালী। ওপৰলৈ উঠিছে আৰু আগবাঢ়ি গৈছে।’ ভাৰতীয় ক্ৰিকেট বোর্ড যে চামিৰ লগত আছে সেয়া বুজাবলৈয়েই এই পোষ্ট বুলি অনুমান কৰা হৈছে।
উল্লেখ্য, দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত হয় ভাৰত। উক্ত পৰাজয়ৰ দোষ যেন অকলে চামিৰ, তেনেদৰেই তেওঁক আক্রমণ আৰম্ভ হয়। পিছে চামিক সমৰ্থন জনায় মহম্মদ ৰিজৱান, শচীন তেণ্ডুলকাৰ, বীৰেন্দ্র চেহবাগৰ দৰে ক্ৰিকেটাৰসকলে। চামিৰ কাষত থিয় দিয়ে ৰাহুল গান্ধীও।