![]()
মনোৰঞ্জনঃ
শেহতীয়াকৈ নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা প্ৰদান কৰে। বিভিন্ন জন হিন্দী তথা দক্ষিণ চলচিত্ৰৰ তাৰকাই ইয়াত নিজ নাম সন্নিৱিষ্ট কৰিলেও এইবাৰৰ এই বঁটা তথা সন্মান লাভ কৰি ৰাজ্যৰ প্ৰতিজন লোকক গৌৰৱান্বিত কৰি তুলিছে কেইবাগৰাকীও অসম সন্তানে। অসমীয়া ভাষাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে জনপ্ৰিয় পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত “ৰণুৱা-Who Never Surrenders” শীৰ্ষক ছবিখনে; এই ছবিখনে লাভ কৰিছে “ৰজত কমল” বঁটা। আনহাতে সমকামিতাৰ বিষয়বস্তুক লৈ নিৰ্মিত “জোনাকী পৰুৱা” ছবিখনত অভিনীত অভিনেতা বেঞ্জামিন দৈমাৰীয়ে লাভ কৰে জুৰীৰ বিশেষ উল্লেখ বঁটা।



আনহাতে, খাচী ভাষাত নিৰ্মিত ছবি “ইউদুহ” ৰ বাবে শব্দ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰজত কমল বঁটা লাভ কৰে দেৱজিৎ গায়নে। অসমৰ পৰা প্ৰতিভাসম্পন্ন এইকেইগৰাকী শিল্পীৰ বাবে আজি সমগ্ৰ ৰাজ্যই গৌৰৱ অনুভৱ কৰাৰ লগতে আমাৰ পেজটোৰ তৰফৰ পৰা তেওঁলোক আটাইকে অনাগত জীৱনৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ













