![]()
মনোৰঞ্জনঃ
১৯৫৮ চনৰ পৰাই মঞ্চক সাৱটি নাটকেই প্ৰাণ বুলি ভবা লোকজনৰ নামে ঐশ্বৰ্য্য কাকতি।দেশ-বিদেশত বহু নাটক কৰি আজি ৭৮ বছৰ বয়সতো ভাগৰি নপৰা শিল্পী পেঞ্চন আৰু নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক ঐশ্বৰ্য্য কাকতিয়ে বিগত ৫ বছৰ ধৰি তেখেতৰ ওপজা দিন ২ নৱেম্বৰত এখনকৈ নাট ৰাইজৰ উপহাৰ দি নিজৰ ওপজা দিন পালন কৰি আহিছে,এনে প্ৰচেষ্টা হয়তো বিৰল।এইবাৰ ৭৮ সংখ্যক ওপজা দিনত তেখেতে ‘ ধুমুহাতো জ্বলি আছে বন্তি গছি’ নামৰ এখনি নতুন নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত লৈছে।
অসমৰ শেষগৰাকী প্ৰমূল্যবোধৰ ৰাজনীতি কৰা প্ৰয়াত শৰৎ সিংহৰ জীৱন দৰ্শনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা নাটখন তেজপুৰৰ ড° ভূপেন হাজৰিকা কলা ভূমিত মঞ্চস্থ কৰা হ’ব ২ নৱেম্বৰৰ সন্ধিয়া ৬:৩০ বজাত।অসমৰ বহুল সমাদৃত পুৰস্কাৰ প্ৰাপ্ত অভিনেতা অৰুণ নাথে মূল চৰিত্ৰত অভিনয় কৰিব লগতে আন আন অভিনয় শিল্পী সকল হৈছে প্ৰশান্ত বৰা,প্ৰদীপ শৰ্মা,বিপ্লৱ শৰ্মা,অলক শৰ্মা,জিতেন দাস,ৰাজীৱ শৰ্মা,অচ্যুৎ শৰ্মা,লোচন বৰা,প্ৰাঞ্জল বৰঠাকুৰ,মৰমী শইকীয়া,নীলাংগনা বৰা আৰু তানিস্কা বৰঠাকুৰ।
নাটখনিৰ সংগীত সজাইছে দিগন্ত ভূঞাই আৰু প্ৰযোজনা কৰিছে তেজপুৰৰ ইউনাইটেড আৰ্টিষ্টে।ব্যৱস্থাপনাৰ দিশটো পৰ্যবেক্ষণ কৰিছে প্ৰাঞ্জল বৰঠাকুৰ,ৰাতুল ডেকা আৰু গোপাল ভূঞাই।উল্লেখ্য যে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব বিশিষ্ট অভিনেতা নিপন গোস্বামী,পুলক গগৈ,নয়ন প্ৰসাদ,তপন দত্ত,ডা° অমৰেন্দ্ৰ নাৰায়ন দেৱ,নয়নজ্যোতি ভট্টাচাৰ্য, অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰা। ২ নৱেম্বৰত নাট্যপ্ৰেমী ৰাইজৰ সহাৰি বিচাৰিছে নাট্যশিল্পীসকলে।
( ভিকি শৰ্মাৰ সহযোগত)













