![]()
মনোৰঞ্জনঃ
বলীউডৰ বহু প্ৰত্যাশিত যুটি অভিনেতা ৰণৱীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটৰ বিবাহক লৈ বিগত বহু দিনৰ পৰা বিভিন্ন চৰ্চা সমুখলৈ আহিছে। শেহতীয়াকৈ জানিব পৰা গৈছে যে উক্ত যুটিটোৱে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহ পাশত আবদ্ধ হ’ব। আচলতে, বৰ্তমানলৈকে ইয়াৰ কোনো ধৰণৰ আনুষ্ঠানিক স্পষ্টীকৰণ অহা নাই। প্ৰায়ে এই যুটিটোক একেলগে দেখিবলৈ পোৱা যায়। লগতে, তেওঁলোক দুয়োৰে পৰিয়ালবৰ্গইও ইজনে সিজনক লগ পোৱা কেমেৰাত বন্দী হয়।
তথ্যনুসৰি, অভিনেতা ৰণৱীৰ কাপুৰ অভিনয় কৰিবলগীয়া সন্দীপ ৰেড্ডি পৰিচালিত ছবি ‘শমশেৰ’ ৰ শ্বুটিং চিড্যুল অহা বৰ্ষলৈ অৰ্থাৎ ২০২২ লৈ পিছুৱাই দিয়া হৈছে। আনহাতে, আলিয়া ভাটেও নিজ শ্বুটিং কাৰ্যসূচী নৱেম্বৰ মাহতে সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে যাতে তেওঁলোক দুয়োয়ে ডিচেম্বৰ মাহত একো কাম কৰিবলগীয়া নহওঁক। দুয়োজনে নিজৰ প্ৰতিটো প্ৰকল্প ডিচেম্বৰ মাহলৈ ঠিক-ঠাক কৰি লৈছে যেনেদৰে অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে কৰি লৈছিল।
এতিয়া দুয়োগৰাকীয়ে কেতিয়ালৈ বিবাহ পাশত আবদ্ধ হ’ব সেয়া হৈছে লক্ষ্যণীয়। তেওঁলোকৰ অনুৰাগী সকলো এই তাৰকাদ্বয়ৰ বিবাহৰ বাবে বহুলভাৱে অপেক্ষাৰত।













