নিউজ ডেস্কঃ
মৰিয়নিৰ সমীপৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত টিপালি বস্তিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। একে গাঁৱৰে অনিল মুণ্ডাই নিজ মুখে স্বীকাৰ কৰে যে, বিহুৰ সময়ছোৱাত পানিকা নামে ২৮ বছৰীয়া এগৰাকী যুৱকে অনিল মুণ্ডাৰ ঘৈণীয়েকক অশ্লীল ইংগিত দিছিল। এই বিষয়লৈ ২৪ অক্টোবৰ দিনা সন্ধিয়া ৮ বজাত দুয়োগৰাকীৰ মাজত তৰ্কাতৰ্কি লাগে আৰু খঙতে অনিল মুণ্ডাই পানিকাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ লগতে মৃতদেহটো কাটি পলিথিনিৰে বান্ধি বাথৰুমৰ শৌচাগাৰৰ টেংকিত সোমোৱাই থয়।
কিন্তু ২৬ অক্টোবৰৰ দিনা মৃতদেহটোৰ পৰা গোন্ধ ওলোৱাত অভিযুক্ত অনিলে দেবেৰাপাৰ আৰক্ষী চকীত নিজকে আত্মসমৰ্পণ কৰে। ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
২৭৪/২১ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২/২০১/৩৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে আৰক্ষীয়ে অনিল মুণ্ডা আৰু পত্নী মামণি মুণ্ডাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জিম্মাত ৰখা হৈছে বৰ্তমান অনিল মুণ্ডাক। অৱশ্যে এই হত্যাৰ আঁৰৰ কাৰণ স্থানীয় লোকে জানিব দিয়া মতে অবৈধ চুলাইৰ পৰিণতি বুলি ব্যক্ত কৰে।