![]()
মনোৰঞ্জনঃ
কিছুদিন পূৰ্বে সংগীত ক্ষেত্ৰখনত এটি গীতে খলকনিৰ সৃষ্টি কৰিছিল। গীতটিত নৱপ্ৰজন্মৰ প্ৰতিগৰাকী প্ৰচেষ্টা আছিল লক্ষ্যণীয়। একে সময়তে জনসাধাৰণক হাঁহিলবলৈ, নাচিবলৈ আৰু সমাজত থকা কিছুমান নাভ্ৰুত নাশ্ৰুত ঘটনাৰ উপলদ্ধি কৰোৱা ‘আধাফুটা’ গীতটিত কণ্ঠদানকে আৰম্ভ গীতটিৰ সুৰ-সংগীত আদি প্ৰত্যেকটো বস্তুৱেই আছিল লেখত ল’বলগীয়া। আমি মানৱ শ্ৰেষ্ঠ হ’লেও আমাৰ সমাজত এনে একাংশ ব্যক্তিও আছে যিয়ে নিজ জীৱন নিৰ্বাহৰ বাবে এনে একাংশ পথ নিৰ্বাচন কৰে যাৰ দ্বাৰা ক্ষন্তেকতে তেওঁলোকে লাভৱান হয় যদিও তেওঁলোকৰ এই জীৱন নিৰ্বাহৰ থলটোৱে কেতিয়াবা তেওঁলোকক জীৱন হেৰুৱাবলৈও বাধ্য কৰি পেলায়। এই গীতটিত ঠিক এনেই এক কাহিনীৰ উপস্থাপন দেখিবলৈ পোৱা গ’ল।
“আধাফুটা” শীৰ্ষক এই গীতটিত কণ্ঠদান কৰাৰ লগতে সুৰ কৰিছে নিহাৰ কাশ্যপে, যাৰ ‘ৰজনজনাই’ শীৰ্ষক গীতটিয়ে মুক্তিৰ পিছতেই কেউদিশে ৰজনজনাবলৈ সক্ষম হৈছে। আনহাতে গীতটিত সংগীত পিংকুল আহমেদৰ আৰু গীতটিৰ কথা বুদ্ধজ্যোতি বেজবৰুৱাৰ। এই দুয়োগৰাকী নৱপ্ৰজন্মই তেওঁলোকৰ সৃষ্টি আৰু প্ৰতিভাৰ বাবে ইতিমধ্যে সঁহাৰি লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা দেৱাশীষ ডেকাৰ লগতে নিজ অভিনয়েৰে গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে গুঞ্জন কাশ্যপ আৰু দেৱাশীষ ডেকাই।













