ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ধৰিত্ৰী সেউজীকৰণৰ লক্ষ্যৰে গ্ৰাছ, বোকাখাতে ইতিমধ্যে উজনি অসম আৰু বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত ৫০ হেজাৰৰো অধিক গছপুলি ৰোপণ কৰি অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতালৈ উল্লেখনীয় বৰঙণি যোগাইছে। এতিয়া এই বিশেষ ক্ষেত্ৰত গ্ৰাছ এক চৰ্চিত নাম।
বিগত ১ আৰু ২ ছেপ্তেম্বৰত গ্ৰাছৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ আৰ্থিক সাহায্যত ৰঙামাটি মৌজাৰ লগতে বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত দুহেজাৰ গছপুলি ৰোপণৰ এলানি কাৰ্যসূচী সম্পন্ন কৰিছিল। যোৱা ৮ ছেপ্তেম্বৰত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীনত নৱগঠিত ক্ৰীড়া সংগঠন ৰয়েল স্প’ৰ্ষ্ট ক্লাৱ, বোকাখাতৰ উদ্যোগত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় চৌহদত গ্ৰাছৰ দ্বাৰা এলানি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

লখৌজানৰ নুমলীগড় জুনিয়ৰ কলেজ চৌহদত ১০০ গছপুলি ৰোপণকে ধৰি ৰঙামাটিৰ চেনীচন্দ্ৰ লয়িং মধ্য ইংৰাজী বিদ্যালয় চৌহদ আৰু বিদ্যালয়ৰ সন্মুখৰ পথটোৰ এচোৱা দীৰ্ঘ অংশৰ দুয়োপাৰে দ্বিতীয় বাৰৰ বাবে পুনৰ ৩২০ জোপা গছপুলি ৰোপন কৰা হয়। আজি গ্ৰাছৰ উদ্যোগত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত চতুৰ্থ পৰ্যায়ৰ ৫০০ গছপুলি ৰোপণ কৰা হয়। কাৰ্যসূচী মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক শিৱ কুমাৰ স্বামী পেৰিয়াই।

বোকাখাত মহকুমা নিৰ্বাচনী বিষয়া নিশিতা বৰা , বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেৰম্ব বাৰুকিয়ালেও একোটা কৈ গছপুলি ৰোপণ কৰে। সাংবাদিক অমৰ শৰ্মাই আঁটধৰা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক গৰাকীয়ে উপস্থিত ছাত্র ছাত্ৰী সকলক গছপুলি ৰোপণৰ পদ্ধতি সম্পৰ্কে অৱগত কৰে।
অনুষ্ঠানত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, উপ সভাপতি সঞ্জীৱ হাজৰিকা, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ফনীধৰ হাজৰিকা, শিক্ষক কমল গগৈ, শিল্পী ৰিজু হাজৰিকা, প্ৰফুল্ল বৰা, কৃষ্ণ মালাকাৰ, দীপ কলিতা, অমল দাৱ, জয়ন্ত খাউণ্ড বোকাখাত জিলা সাঁতোৰ সন্থাৰ সম্পাদক মনোজ বৰা আদি উপস্থিত থাকে।

নুমলীগড় শোধনাগাৰৰ আৰ্থিক অনুদানেৰে ৰূপায়িত হোৱা গ্ৰাছৰ এই কাৰ্যসূচী পঞ্চম পৰ্যায়ত ৬০০ গছপুলি ৰোপণেৰে অতি সোনকালে সমাপ্তি ঘটিব বুলি সভাপতি অংকুৰ বৰঠাকুৰে জানিবলৈ দিয়ে । প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত ধৰিত্ৰী সেউজীকৰণৰ বাবে গ্ৰাছে লোৱা এনে একাগ্ৰ ভূমিকাক আশাব্যঞ্জক বুলি স্থানীয় ৰাইজে শলাগিছে।












