![]()
নিউজ ডেস্কঃ
দেশৰ দৈনিক কোভিড সংক্রমণ বৃহস্পতিবাৰৰ তুলনাত কমিলেও, দৈনিক মৃত্যু বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১৪ হাজাৰ ৩৪৮ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪২ লক্ষ ৪৬ হাজাৰ ১৫৭ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৮০৫ জন। অতিমাৰীকালত দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৫৭ হাজাৰ ১৯১ জনৰ। আনহাতে, দেশৰ দৈনিক মৃত্যুৰ সিংহভাগেই হৈছে কেৰালাত। ৮০৫ জনৰ ভিতৰত কেৰালাতেই মৃত্যু হৈছে ৭০৮ জনৰ।
আনহাতে, দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৬১ হাজাৰ ৩৩৪ জন।













