![]()
স্বাস্থ্য প্ৰতিবেদনঃ
বহুতেই টোপনিত কথা কয়। সাধাৰণভাবে এইটো কোনো সমস্যা নহয় যদিও এই অভ্যাসৰ অন্তৰালত লুকাই থাকে বিভিন্ন ধৰণৰ বিপদৰ আশঙ্কা।
বহু কাৰণত বহুতে টোপনিত কথা কয়। ইয়াৰ আঁৰত কি কি কাৰণ থাকিব পাৰে?
• দীর্ঘ শাৰীৰিক অসুস্থতাৰ কাৰণে বহুতে টোপনিতে কথা পাতে। বহু সময়ত এই অসুস্থতা বাহিৰৰ পৰা উমান পোৱা নাযায়। কিন্তু চিকিৎসকক বিষয়টো জনালে তাৰ প্রকৃত কাৰণ ক’ব পাৰে।
• কোনো কাৰণত মানসিক চাপত ভুগিছে নেকি? তাৰ প্রভাৱো পৰিব পাৰে টোপনিত। ইয়াৰ ফলত টোপনিত কথা কোৱাৰ প্রবণতা বাঢ়িব পাৰে।
• পর্যাপ্ত টোপনি নহ’লেও বহুতৰ এই সমস্যাই দেখা দিয়ে।
অৱশ্যে এই অভ্যাস কিছু কমাব পৰা যায়। কিন্তু কেনেদৰে?
• দৈনিক নির্দিষ্ট সময়ত টোপনি যাব লাগিব, টোপনিৰ পৰা উটাৰ সময়ো নির্দিষ্ট হ’ব লাগিব। তেতিয়াহ’লে এই সমস্যা কিছু কমিব পাৰে।
• প্রাপ্তবয়স্কসকলৰ দৈনিক সাত-আঠ ঘণ্টা টোপনি অতি প্ৰয়োজনীয়। পর্যাপ্ত পৰিমাণে শুলে এই অভ্যাস লাহে লাহে আঁতৰি যায়।
• দৈনিক কিছু সময় শৰীৰচর্চা কৰিও এই সমস্যা কমাব পাৰে।
• নিশা শুবলৈ যোৱাৰ পূৰ্বে গধুৰ খাদ্য খালেও এই সমস্যা হয়। সেইটোও কমাব পাৰিলে ভাল। লঘু খাদ্য খালে টোপনিত কথা কোৱাৰ সমস্যা কমে।
• সন্ধ্যাৰ পিছত চাহ বা কফিজাতীয় পানীয় খালে গভীৰ টোপনি নহয়। ফলত টোপনিত কথা কোৱাৰ প্রবণতা বাঢ়ে।
• টোপনি যোৱাৰ পূৰ্বে ফোন খুঁচৰি থাকে নেকি? ইয়ো টোপনিত ব্যাঘাত ঘটায়। টোপনি যোৱাৰ প্ৰায় আধা ঘণ্টা আগতে স্মার্টফোন ব্যৱহাৰ বন্ধ কৰক। এই অভ্যাস কমিব।













