নিউজ ডেস্কঃ
অৱশেষত অপেক্ষাৰ অৱসান ঘটাই পুত্ৰ আৰিয়ানক নিবলৈ আর্থাৰ ৰোড জে’ললৈ গ’ল শ্বাহৰুখ খান। সংগ দিয়ে জুহি চাওলাই। শ্বাহৰুখ-পুত্রৰ জামিনদাৰ হ’ল জুহি চাওলা। আৰিয়ানৰ বাবে এক লাখ টকাৰ বণ্ডত চহী কৰে তেওঁ।
উল্লেখ্য, বৃহস্পতিবাৰে ড্ৰাগছ-কাণ্ডত আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰে বোম্বে হাইকোৰ্টে। বিয়লি চাৰে পাঁচটাৰ ভিতৰত ৰিলিজ অর্ডাৰ জমা দিব নোৱাৰিলে ঘৰলৈ উভতিব নোৱাৰিব আৰিয়ান। কিন্তু সময়ৰ আগতেই সকলো বন্দোবস্ত কৰি ৰাখিছিল শ্বাহৰুখ খানে। ২৬ দিন পিছত পুত্ৰক লৈ ঘৰলৈ উভতিব তেওঁ।