![]()
নিউজ ডেস্কঃ
আৰিয়ান খানৰ জে’লৰ পৰা ওলোৱাত পুনৰ জটিলতা সৃষ্টি৷ আজিও কটাব লাগিব জে’লতে শ্বাহৰুখ-পুত্ৰ আৰিয়ান! ১ লাখ টকাৰ বণ্ডত তেওঁৰ জামিনদাৰ হৈছিল জুহি চাওলা। পুত্ৰক জে’লৰ পৰা আনিবলৈ গৈছিল শ্বাহৰুখ খানো। কিন্তু সময়মতে বিশেষ আদালতত গৈ নাপালে আৰিয়ানৰ জামিনৰ নথি। জে’লৰ সূত্রৰ উদ্ধৃতি দি একাধিক সংবাদ মাধ্যমৰ দাবী, শুক্রবাৰেও সম্ভৱত জে’লতেই কটাব লাগিব আৰিয়ান। শনিবাৰে পুৱা হয়তো ৰেহাই হ’ব তেওঁৰ।
উল্লেখ্য, জামিনৰ নির্দেশৰ পিছতো বহু নিয়ম-কানুন থাকে। যাৰ ভিতৰত অন্যতম বোম্বে হাইকোর্টৰ জামিনৰ ৰায়ৰ এটি কপি জমা দিব লাগে ড্ৰাগছ সংক্রান্তীয় বিশেষ আদালতত। তাৰ পিছত বিশেষ আদালতে আৰিয়ানৰ ৰিলিজ অর্ডাৰ জাৰি কৰিব। সেই নথি পুনৰ আর্থাৰ ৰোড জে’লৰ বাইহিৰত ‘বেইল বক্স’লৈ লৈ যাব লাগিব। তাত বিয়লি চাৰে পাঁচটাৰ ভিতৰত গৈ পাব লাগিব। জানিব পৰা মতে, ড্ৰাগছ সংক্রান্তীয় বিশেষ আদালতত সময়মতে গৈ পোৱা নাই আৰিয়ানৰ সেই ৰায়ৰ কপি। ফলত আৰু এটা দিন পিছুৱাই গ’ল আৰিয়ানৰ ঘৰলৈ যোৱাটো।













