![]()
নগাঁওঃ
নগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ বাসিন্দা তথা বিশিষ্ট ফটোগ্ৰাফাৰ প্ৰসেনজিৎ পালৰ (৫২)আজি পুৱা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়।
বিগত কিছুদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট ফটোগ্ৰাফাৰ প্ৰসেনজিৎ পাল আজি কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল।নগাঁও চহৰৰ কৃষ্ণা হল চাৰিআলিৰ মনালিছা ষ্টুডিঅৰ স্বত্বাধিকাৰ পালে দীৰ্ঘদিনধৰি ফটোগ্ৰাফাৰ হিচাপে সেৱা আগবঢ়াই আহিছিল ।
নগাঁও ফটোগ্ৰাফাৰছ এছ’চিয়েচনৰ সদস্য জনপ্ৰিয় ফটোগ্ৰাফাৰ গৰাকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে। নগাঁৱৰ সাংবাদিক মহলৰে ঘনিষ্ঠ প্ৰসেনজিৎ পালৰ মৃত্যুত নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েছনকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।মৃত্যুৰ সময়ত পালে পত্নী, এগৰাকী কন্যা সহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় ।













