![]()
স্বাস্থ্য প্ৰতিবেদনঃ
পুষ্টিবিদসকলৰ মতে, ভিটামিন-ডিয়ে হাড়ক মজবুত ৰখাত যেনেদৰে সহায় কৰে তেনেদৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। কেন্সাৰ ৰোধতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ভিটামিন-ডিয়ে।
ভিটামিন-ডিৰ অভাৱত হার্টৰ সমস্যাৰ পৰা আৰম্ভ কৰি উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বেক্টেৰিয়াজনিত সংক্রমণ, ইমিউনিটি ডিছঅর্ডাৰ, বয়সৰ তুলনাত বুঢ়া হোৱা, মাল্টিপল স্ক্লেৰোছিছ জাতীয় সমস্যা ৰোধত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ভিটামিন-ডিয়ে।
বিশেষজ্ঞসকলৰ মতে, সূর্যৰ ৰশ্মি হ’ল ভিটামিন-ডিৰ সকলোতকৈ ডাঙৰ উৎস। প্রত্যেকেই প্রতিদিনে পুৱা কমপক্ষেও ১৫-২০ মিনিট ৰ’দ পুওৱাটো উচিত। এনচিবিআই অনুসৰি বিশ্বব্যাপি জনসংখ্যাৰ প্রায় ৫০% লোক ভিটামিন ডিৰ অভাৱত ভোগে। মার্কিন ইনষ্টিটিউট অব মেডিচিনৰ পৰামর্শ অনুযায়ী, গড়ে দৈনিক ১০-২০ মাইক্রোগ্রাম ভিটামিন-ডি খোৱাটো প্রয়োজন।
ভিটামিন-ডিৰ ঘাটিৰ কাৰণ
* ছানস্ক্রিনৰ অতিৰিক্ত ব্যৱহাৰৰ ফলত সূর্যৰ আলোক ছালৰ গভীৰত প্রবেশ কৰিব নোৱাৰে।
* প্ৰদূষণ বেছি অঞ্চলত বসবাস।
* ঘৰৰ ভিতৰত বেছি সময় কটোৱা।
* ভিটামিন-ডি সমৃদ্ধ খাদ্য নোখোৱা।
* সূর্যৰ পোহৰ নপৰা ঘৰত দীর্ঘদিন ধৰি বাস কৰা।
ভিটামিন-ডিৰ অভাৱত দেখা দিয়া লক্ষণবোৰ
* ক্লান্তি, বিষ-যন্ত্রণা, সকলো সময়তে অসুস্থতা বোধ।
* হাড় আৰু পেশীত যন্ত্রণা বা সাধাৰণ দুর্বলতা যাৰ ফলত চিৰি বগোৱা বা বহাৰ পিছত উঠাত সমস্যা হ’ব পাৰে।
* ভিটামিন-ডিৰ অভাৱ খুব বেছি হ’লে শৰীৰৰ বিভিন্ন অংশৰ হাড় ভঙ্গুৰ হৈ যায়।
* অত্যধিক চুলি সৰা।
* আঘাতৰ পৰা উপশম পাবলৈ বহু সময় লোৱা।
* অৱসাদ
* খাদ্য হজমত সমস্যা













