![]()
নিউজ ডেস্কঃ
আজিৰ ৰাজ্য পাঁচ সমষ্টিত উপ- নিৰ্বাচন।পুৱা ৭বজা পৰা আৰম্ভ হৈছে ভোটদান।
থাওৰা, মৰিয়নি, তালুমপুৰ, ভৱানীপুৰ আৰু গোঁসাইগাওঁ সমষ্টিত অনুষ্ঠিত হৈছে এই উপ নিৰ্বাচন।ভোটগ্ৰহণ কেন্দ্ৰ সমূহত পুৱাৰে পৰা ৰাইজে দীঘলীয়া শাৰী পাতি নিজৰ অধিকাৰ সাব্যস্ত কৰা দেখা গৈছে।
উল্লেখ থাওৰা, মৰিয়নি, ভৱানীপুৰ সমষ্টিৰ বিধায়কে বিজেপিত যোগ দিয়াৰ বাবে পুনৰ অনুষ্ঠিত হৈছে নিৰ্বাচন।
ভোটদান শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।সন্ধিয়া ৫বজাত সামৰণি পৰিব ভোটদান।আনহাতে ২নৱেম্বৰত ঘোষণা হ’ব ফলাফল।













