![]()
নিউজ ডেস্কঃ
ডিমৌ টাউন হাইস্কুলত ভোটদান সাব্যস্ত কৰিলে থাওৰা বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই।পুৱাই ভোটদাতা ৰাইজৰ সৈতে শাৰী পাতি প্ৰাৰ্থী সাব্যস্ত কৰে ভোট।
‘২তাৰিখৰ পাছত থাওৰা সমষ্টি উন্নয়নৰ কাম বহুত আগবাঢ়িব।ভোটৰ ব্যৱধান পূৰ্বতকৈ অধিক হব’- ভোটদান সাব্যস্ত কৰি কয়।
‘বিশ্বাসঘাটক শব্দ বাদ দি কংগ্ৰেছ আৰু ৰাইজৰ দলে কবলগা একো নাই।ৰাজনীতিত দীৰ্ঘদিন জড়িত কিন্তু কোনো চেকা নাই বাবে কব পৰা নাই তেওঁলোকে।শিৱসাগৰ উন্নয়ন অখিল গগৈ থকা বাবে স্থবিৰ হ’ব- বৰগোঁহাই কয়।
অসাধাৰণ উন্নয়নৰ বাবে বিজেপি দলত যোগদান কৰা বুলিও তেওঁ লগতে কয়।













