![]()
নিউজ ডেস্কঃ
মৰিয়নি সমষ্টিত নিজ ভোটাধিকাৰ সাব্যস্ত শিৱসাগৰ বিধায়ক অখিল গগৈৰ মাতৃ।প্রিয়দা গগৈয়ে ২৭৯নং বৰগুৰি প্ৰাথমিক বিদ্যালয়ত ভোট দান সাব্যস্ত কৰে।
‘অসুস্থ দেহাৰে ৰূপজ্যোতি কুর্মী কাৰণে ভোট দিবলৈ আহিছোঁ।গামোচা পিন্ধাই সেৱালৈ জয়ী হোৱা দুমাহৰ পিছতে বিজেপিত যোগদান কৰি অন্তৰত আঘাত দিছে’-ভোটদান সাব্যস্ত কৰি কয় গগৈ মাতৃয়ে।
মৰিয়নিবাসীক বিশ্বাসঘাটক কৰা কুর্মীক উচিত শিক্ষা দিবলৈ সমগ্ৰ মৰিয়নিবাসীক আহ্বান কৰি বৃদ্ধা মাতৃ প্ৰিয়দাই কয়- ৰূপজ্যোতিয়ে ঠেক এটা পাওঁক ভগৱানক প্ৰাৰ্থনা কৰিছোঁ।
আনহাতে, মৰিয়নিবাসীক ৰাইজৰ দল প্ৰাৰ্থীক ভোটদান কৰা আহ্বান জনায় মাতৃ গৰাকীয়ে।













