ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ পৰা অন্য জিলালৈ বদলি হৈ যোৱা কেইবাজনো শীর্ষ চৰকাৰী বিষয়াই মাহৰ পিছত মাহ ধৰি চৰকাৰী বাসভৱন দখল কৰি থকা ঘটনাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আমাৰ হাতত থকা তথ্য অনুসৰি ইতিমধ্যে নগাঁও জিলাৰ পৰা বদলি হৈ যোৱা দুগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই দীৰ্ঘদিন ধৰি চৰকাৰী বাসভৱন পৈত্তিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আছে ৷
নিয়ম অনুসৰি বদলিৰ পিছতে চৰকাৰী বাসভৱন খালী কৰি দিব লাগে যদিও এই নিয়ম অমান্য কৰি বিষয়া দুগৰাকীয়ে চৰকাৰী বাসভৱন দখল কৰি আছে ৷
নগাঁও জিলাত জিলা উন্নয়ন আয়ুক্ত হিচাপে কৰ্মৰত হৈ আজিৰ পৰা কেইবামাহ পূৰ্বে বদলি হৈ যোৱা পুনম ৰাও বৰাই মেজিষ্ট্ৰেট কলনীৰ চৰকাৰী বাসভৱন আৰু জিলা গ্ৰামোন্নয়ন অভিকৰনত প্ৰকল্প সঞ্চালক হিচাপে কৰ্মৰত হৈ এবছৰ পূৰ্বে বদলি হৈ যোৱা প্ৰনব শৰ্মাই নগাঁও কাৰাগাৰৰ পিছফালে থকা এটা চৰকাৰী বাসভৱন দখল কৰি আছে ৷
এই বিষয়া দুগৰাকী এনেদৰে বদলিৰ পিছতো চৰকাৰী বাসভৱন দখল কৰি থকাৰ বাবেই বৰ্তমানে জিলাখনত কৰ্মৰত দুগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই নগাঁও আবৰ্তভৱনৰ কোঠা দখল কৰি আছে ৷ এই দুগৰাকীৰ লগতে আন দুগৰাকী অতিৰিক্ত সহকাৰী আয়ুক্তইও আবৰ্তভৱনৰ দুটাকৈ কোঠা দখল কৰি আছে ৷

কিন্তু চৰকাৰী নিয়ম অনুযায়ী এমাহৰ ওপৰত কোনেও আৱৰ্ত ভৱনৰ কোঠা ব্যৱহাৰ কৰিব নোৱাৰে ৷ আজিৰ পৰা কেইদিনমান আগলৈকে প্ৰশাসনৰ বিষয়াই ৬টা কোঠা আৱদ্ধ কৰি ৰাখিছিল ।
বৰ্তমান আৱৰ্ত ভৱনৰ চি ব্লকৰ ৫ আৰু ৪নং কোঠা আৰু এ ব্লকৰ ৮ আৰু ৬নং কোঠা বৰ্তমান সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে অতিথিৰ বাবে।
আনকি নগাঁৱৰ পৰা ইতিমধ্যে বদলি হৈ যোৱা দুজন বিষয়াইও আৱৰ্ত ভৱনৰ কোঠা তিনিমাহৰ অধিক কাল আৱদ্ধ কৰি ৰাখিছিল বুলি জানিব পৰাড়ড় গৈছে ৷ এনেদৰেই নগাঁৱত প্ৰশাসনৰ বিষয়াই নিজা ৰাজ চলাই গৈছে ৷













