![]()
নিউজ ডেস্কঃ
অসমত অনুষ্ঠিত ৫টা সমষ্টিৰ উপ-নিৰ্বাচনত আটাইকেইটাতে জয়ৰ দিশে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট।শেহতীয়া তথ্য মতে, থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই অষ্টম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰতকৈ ১৮,৯৮৪টা ভোটত আগবাঢ়ি আছে।
গোসাঁইগাঁৱ সমষ্টিত সপ্তম ৰাউণ্ডৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী আগবাঢ়ি আছে ২০,৪৮৪টা ভোটত।
আনহাতে, ভবানীপুৰত বিজেপিৰ ফণীধৰ তালুকদাৰৰ অষ্টম ৰাউণ্ডৰ অন্তত অগ্ৰগতি ৩৯,৭৮৫টা ভোটত।
একেদৰে তামুলপুৰত তৃতীয় ৰাউণ্ডৰ ভোট গণনাৰ অন্তত ইউপিপিএলৰ জলেন দৈমাৰীয়ে ১৮,৬৮১টা ভোটত কংগ্ৰেছৰ ভাস্কৰ দাহালতকৈ আগবাঢ়ি আছে।
একেদৰে মৰিয়নিতো আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী।













