![]()
নিউজ ডেস্কঃ
মহৰাষ্ট্রৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ হাজাৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে আয়কৰ বিভাগে। বেনামী সম্পত্তি আইনত অজিত পাৱাৰৰ পাঁচটা স্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। ইয়াৰ ভিতৰত এটি কো-অপাৰেটিভ চেনিৰ কাৰখানাৰ উপৰি আছে মুম্বাইৰ নৰিমেন পইন্টত নির্মল টাৱাৰ, গোৱাৰ এটি ৰিজ’র্ট, দিল্লীৰ এটি অফিচ আৰু ঘৰ। এইবোৰৰ উপৰি মহাৰাষ্ট্রত মন্ত্রীগৰাকীৰ ২৭ স্থানত ভূমিও বাজেয়াপ্ত কৰিছে আয়কৰ বিভাগে। যাৰ আনুমানিক মূল্য কমেও ৫০০ কোটি টকা। সূত্রৰ খবৰ অনুযায়ী, এই সম্পত্তিৰ সকলোকেইটাৰেই মালিক অজিত অথবা তেওঁৰ পৰিয়ালৰ কোনোবা সদস্য।
উল্লেখ্য, এনচিপিৰ প্রধান শাৰদ পাৱাৰৰ ভতিজাক অজিত। তেওঁ শাৰদ পাৱাৰৰ ভাতৃ অনন্তৰাও পাৱাৰৰ পুত্র। যোৱা মাহত অজিত পাৱাৰৰ ভগ্নীৰ ঘৰতো তালাচী চলাইছিল আয়কৰ বিভাগে। ইয়াৰ পূৰ্বে জুলাই মাহত ২৫ হাজাৰ কোটি টকাৰ এক দুর্নীতিত অজিতৰ নাম জড়িত থকাৰ কথা জনাইছিল আয়কৰ বিভাগে। মহাৰাষ্ট্র ৰাজ্যিক কো-অপাৰেটিভ বেঙ্কত জালিয়াতিৰ ঘটনাত অজিতৰ নাম প্রকাশ্যে আহে। ধন আত্মসাতৰ গোচৰত তেতিয়া সাতাৰাৰ এটি চেনি কাৰখানা বাজেয়াপ্ত কৰিছিল আয়কৰ বিভাগে। এই কাৰখানাটো নিলামত অতি কম দামত এটি কোম্পানীক বিক্রী কৰাৰ অভিযোগ উঠিছিল বেঙ্কটোৰ বিৰুদ্ধে।













