![]()
নিউজ ডেস্কঃ
ভাৰতত বিগত ২৪ ঘণ্টাত কৰোনাত আক্রান্ত হৈছে ১০ হাজাৰ ৪২৩ জন। যিটো বিগত ২৫০ দিনত সর্বনিম্ন। ইয়াৰ পূৰ্বে ইমান কম দৈনিক সংক্রমণৰ সংখ্যা অন্তিমবাৰ দেখা গৈছিল এই বছৰ ফেব্রুৱাৰী মাহৰ আৰম্ভণিতে। মঙ্গলবাৰে প্রকাশিত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ৰিপোর্ট অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগীৰ সংখ্যাও আছিল ২৫০ দিনত সর্বনিম্ন। অৱশ্যে দৈনিক মৃত্যুৰ সংখ্যা ২৪ ঘণ্টাত কিছু বাঢ়ি হৈছে ৪৪৩।
মঙ্গলবাৰৰ তথ্য অনুযায়ী বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ১৫ হাজাৰ ২১ জন। ইয়াকে লৈ দেশত কৰোনাৰ পৰা সুস্থ হৈ উঠিল তিনি কোটি ৩৬ লক্ষ ৮৩ হাজাৰ ৫৮১ জন।
দেশত বৰ্তমান মুঠ কৰোনা ৰোগীৰ সংখ্যা ৩ কোটি ৪২ লক্ষ ৯৬ হাজাৰ ২৩৭ জন। ইয়াৰ ভিতৰত সক্রিয় ৰোগী এক লক্ষ ৫৩ হাজাৰ ৭৭৬।
আনহাতে, বিগত ২৪ ঘণ্টাত ১০ লক্ষ ৯ হাজাৰ ৪৫ জনৰ কৰোনা পৰীক্ষা হৈছে। টীকা দিয়া হৈছে ৫২ লক্ষ ৩৯ হাজাৰ ৪৪৪ জনক। এতিয়ালৈকে দেশত মুঠ ১০৬ কোটি ৮৫ লক্ষ ৭১ হাজাৰ ৮৭৯জনক টীকা দিয়া হৈছে।













