![]()
নিউজ ডেস্কঃ
অসমত সদ্য অনুষ্ঠিত ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোটগণনা অনুষ্ঠিত হয়৷ ইতিমধ্যে অন্ত পৰা ভোটগণনাত পাঁচোটা সমষ্টিতে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থীকেইজনে জয়লাভ কৰিছে৷
উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিৰ থাওৰা বিধানসভা সমষ্টিত বিজেপিৰ সুশান্ত বৰগোঁহাই, মৰিয়নিত ৰূপজ্যোতি কুৰ্মী, ভবানীপুৰত ফণীধৰ তালুকদাৰ, গোঁসাইগাঁৱত ইউপিপিএলৰ জিৰণ বসুমতাৰী আৰু তামুলপুৰত জলেন দৈমাৰী নিৰ্বাচিত হৈছে৷ অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী৷













