ASSAM TIMES POST
গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে নিশা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গুৱাহাটী আৰু বেংককৰ মাজত প্ৰত্যক্ষ বিমান সেৱা ফ্লেগ জোকাৰি মুকলি কৰে।

থাইলেণ্ডৰ আগশাৰীৰ বিমান পৰিবহণ কোম্পানী নক এয়াৰে এই বিমান সেৱা প্ৰৱৰ্তন কৰিছে। উল্লেখ্য যে সপ্তাহত দুবাৰ এই বিমান সেৱা উপলব্ধ হ’ব। এই সেৱা উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ইয়াৰ জৰিয়তে মাত্ৰ ৩ ঘন্টাতে গুৱাহাটীৰপৰা বেংককত উপস্থিত হ’ব পৰা যাব। এই সেৱা প্ৰৱৰ্তনৰে উভয় স্থানৰে পৰ্যটনৰ বজাৰখন লাভান্বিত হোৱাৰ সমান্তৰালভাৱে বাণিজ্যৰো গতি ত্বৰান্বিত হ’ব।

এই দিনটোৱে দক্ষিণ-পূব এছিয়াক যোগাযোগৰ ক্ষেত্ৰত গুৱাহাটী যে মূল কেন্দ্ৰ, সেই কথাও প্ৰতীয়মান কৰিলে। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উড়ান আঁচনিয়ে উত্তৰ পূৰ্বাঞ্চলক সংযোগৰ ক্ষেত্ৰখনত আগুৱাই লৈ গৈছে। ইয়াত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ সংবাদ উপদেষ্টা হৃষীকেশ গোস্বামী আদি উপস্থিত থাকে।













